গোৱাত প্ৰস্তাৱিত আই আই টিৰ ভূমিৰ অংশ মন্দিৰৰ বাবে অনুমোদন

ৰাজ্যিক কেবিনেটে প্ৰস্তাৱিত আই আই টিৰ ভূমিৰ এক অংশ মন্দিৰ নিৰ্মাণৰ বাবে অনুমোদন জনায়।
গোৱাত প্ৰস্তাৱিত আই আই টিৰ ভূমিৰ অংশ মন্দিৰৰ বাবে অনুমোদন

গোৱাৰ বাবে প্ৰস্তাৱিত এখন আই আই টিৰ ভূমিৰ এক অংশ মন্দিৰ নিৰ্মাণৰ বাবে অনমোদন জনোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি গোৱা কেবিনেটে বুধবাৰে এই প্ৰস্তাৱিত আই আই টিৰ মুঠ ১০ লাখ বৰ্গমিটাৰ ভূমিৰ এক অংশ তথা ৪৫হেজাৰ বৰ্গমিটাৰ ভূমি মন্দিৰ নিৰ্মাণৰ বাবে অনুমোদন জনায়। এই প্ৰস্তাৱিত আই আই টি গুলেলি গাঁৱত নিৰ্মাণ কৰা হ'ব।

উল্লেখ্য যে আই আই টি নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে গুলেলি গাঁওবাসীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক কেবিনেটে প্ৰস্তাৱিত আই আই টিৰ ভূমিৰ এক অংশ মন্দিৰ নিৰ্মাণৰ বাবে অনুমোদন জনায়। এই আই আই টি দক্ষিণ গোৱাৰ ফাৰ্মাগুডি গাঁওস্থিত গোৱা অভিযান্ত্ৰিক কলেজৰ ভূমিৰ এক অংশ আবৰি ল'ব।বুধবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে সাংবাদিকক কয় যে এই প্ৰস্তাৱিত আই আই টিৰ ভূমিৰ এক অংশ তথা ৪৫ হেজাৰ বৰ্গ মিটাৰ ধৰ্মীয় কাম—কাজৰ বাবে অনুমোদন জনোৱা হৈছে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com