উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনঃ আছুক সমৰ্থন গগৈৰ

গগৈয়ে কয় যে নাগৰিকত্ব(সংশোধনী) আইন (কা) অনা চৰকাৰে অসম চুক্তিক গুৰুত্ব নিদিয়ে৷
উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনঃ আছুক সমৰ্থন গগৈৰ

অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰই গঠন কৰা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেধনক লৈ আছুৱে গ্ৰহণ কৰা স্থিতিক সমৰ্থন জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কালি আছুৱে গোপন প্ৰতিবেদনখনৰ তথ্য ৰাজহুৱা কৰে। আছুৰ এই স্থিতিক সমৰ্থন কৰি গগৈয়ে আজি

এখন সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বিজেপিক কটোৰ ভাষাৰে সমালোচনা কৰে। গগৈয়ে কয় যে নাগৰিকত্ব(সংশোধনী) আইন (কা) অনা চৰকাৰে অসম চুক্তিক গুৰুত্ব নিদিয়ে৷

লক্ষ্যণীয় যে গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ কৰে ৷ তেওঁ কয়, 'অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কাম আমাৰ চৰকাৰে কৰিব পৰা নাছিল৷ আছুৱে দিয়া সংজ্ঞাত এতিয়া সকলোকে সামৰি লৈছে, সেয়ে ইয়াক সমৰ্থন জনাইছো ৷ কিন্তু এই প্ৰতিবেদন ক'ত আছে, কেন্দ্ৰই লাভ কৰিছে নে নাই তাৰ কোনো নিশ্চিতি নাই৷'

উল্লেখ্য যে এই প্ৰতিবেদন সম্পৰ্কত মঙলবাৰে নিশা গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এইখন চৰকাৰে খিলঞ্জীয়াৰ সপক্ষে মাত মাতি আছে আৰু মাত মাতি থাকিব ৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ কাৰণে ইতিমধ্যে গঠন কৰা হৈছে এখন সমিতি ৷ এই সমিতিৰ প্ৰতিবেদন আহিছে, কিন্তু কভিডৰ সৈতে হৈ থকা যুঁজখনৰ বাবে ৰাজহুৱা কৰিব পৰা নাই প্ৰতিবেদন ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com