ঐতিহাসিক অন্যায় শুধৰণিৰ বাবে কা- অনা হৈছে - প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

ঐতিহাসিক অন্যায় শুধৰণিৰ বাবে কা- অনা হৈছে - প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

ঐতিহাসিক অন্যায় শুধৰণিৰ বাবে কা- অনা হৈছে - প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মঙ্গলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঐতিহাসিক অন্যায় শুধৰণি আৰু প্ৰতিবেশী ৰাষ্ট্ৰত থকা সংখ্যালঘু সকলক দেশে কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰিপ্পা পেৰডত নেচনেল কেডেট কোৰপচত অংশ গ্ৰহণ কৰি কয় যে , "মই হতবাশ হৈছো যে কেনেদৰে জনসাধাৰণে গান্ধীজীয়ে পাকিস্তান আৰু বাংলাদেশৰ সংখ্যালঘু সকলক কৰা প্ৰতিশ্ৰুতিৰ কথা পাহৰি গৈছে"।

লগতে তেওঁ কয় যে স্বাধীনতাৰ পিছতেই জম্মু আৰু কাশ্মীৰত এক সমস্যাৰ সৃষ্টি হৈছিল আৰু কিছুমান ৰাজনৈতিক দলে ভোট বেংকৰ আশাত এই সমস্যা সমূহ জীয়াই ৰাখিছিল আৰু সন্ত্ৰাসবাদ গ্ৰহন কৰিছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দি কয় যে এই সমস্যা সমূহ চৰকাৰে অতি সোনকালেই সমাধান কৰিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেৱল জম্মু আৰু কাশ্মীৰেই সমগ্ৰ দেশ এতিয়া শান্তিত আছে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি কয় যে কেইবাটাও দশক ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আকাংক্ষা সমূহ অৱহেলিত হৈ আছিল । আমি সহৃদয়েৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে অভূতপূৰ্ব পৰিকল্পনা আৰম্ভ কৰিছো আৰু সকলো ষ্টেকহ'ল্ডাৰৰ লগত আলোচনা আৰম্ভ কৰিছো । ইয়াৰ ভিতৰত বড়ো চুক্তিও এক ঐতিহাসিক ক্ষণ ।

তদুপৰি তেওঁ কয় যে এন চি চি দেশৰ প্ৰতি শৃংখলা, সংকল্প , আৰু অনুশাসনক দৃঢ় কৰাৰ এক মঞ্চ আৰু এয়া দেশৰ বিকাশৰ লগত জড়িত হৈ আছে।

তেওঁ দেশৰ যুৱ কেডেটচৰ প্ৰশংসা কৰি কয় যে ভাৰতক এনে যুৱকৰ অৱশ্যক আছে । কিয়নো নিৰাশাবাদী আৰু নকৰাত্মক মানসিকতাৰ কিছু লোকে দেশৰ প্ৰগতিত বিলম্ব কৰা আছে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে ভোট বেংকৰ আশাত জম্মু আৰু কাশ্মীৰৰ সমস্যা সমূহ উপেক্ষা কৰি আহিছে আৰু যাৰ ফলত সন্ত্ৰাসবাদ‌, নক্সালবাদ, বিচ্ছিন্নতাবাদ , দুৰ্নীতিৰ সৃষ্টি হৈছিল । যুৱ সমাজক এনে ধৰণৰ কাম হ'ব নিদিবলৈ আহ্বান প্ৰধান মন্ত্ৰীৰ ।

তেওঁ কয় যে কিছুমানে এয়া বুজোৱাৰ বাবে বিফল হয় যে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ কিয় উঠাই লোৱা হোৱা নাছিল , আৰু এয়া কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাবে। তাৰ পিছতেই তেওঁ কয় যে তেওঁৰ চৰকাৰে সিদ্ধান্ত গ্ৰহন কৰিছিল যে কোনোৱে ভাৰতীয় পতাকা অসন্মান কৰিব নোৱাৰে আৰু ৩৭০ নং অনুচ্ছেদ উঠাই ল'ব ।

আমি জানো যে প্ৰতিবেশী দেশে আমাৰ লগত তিনিবাৰ যুদ্ধত পৰাস্ত হৈছে । আমাৰ সেণাই এয়া কৰিবলৈ ১০ দিনতকৈ কম সময় লয় । তাৰ পিছতেই তেঁওলোকে প্ৰক্সি যুদ্ধৰ পন্থা গ্ৰহন কৰে । এই যুদ্ধত হাজাৰ হাজাৰ লোক আৰু সৈণিক ছহীদ হৈছিল । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰি কয় যে পূৰ্বৰ চৰকাৰে এই সমস্যা সমূহ উপেক্ষা কৰিছিল। যেতিয়া আমাৰ সেণাই ব্যৱস্থা গ্ৰহনৰ অনুমতি বিচাৰিছিল তেতিয়া তেওঁলোকৰ অনুমতি অস্বীকাৰ কৰা হৈছিল । কিন্তু আমি ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়ৰিয়েল এটাক কৰিছিলো।

ইয়াৰোপৰি এই অনুষ্ঠানত বক্তব্য প্ৰদান কৰি আৰু বিভিন্ন সমস্যা সমাধানৰ বিষয়ে উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।‌

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam Artistes Association Oppose hosting of 'Filmfare Awards 2020' in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com