অসম ৰাজ্যিক কেবিনেটে অলপতে অধ্যাদেশযোগে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ(MSME) স্থাপনৰ বাবে তিনি বছৰলৈ অনুজ্ঞাপত্ৰৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা নোহোৱা কৰাক লৈ ইতিমধ্যে বিভিন্নজন সৰৱ হৈছে। সম্প্ৰতি এটা সংগঠনে এই অধ্যাদেশত অনুমোদন নজনাবলৈ ৰাজ্যপাল জগদীশ মুখীক আবেদন জনাইছে। দ্যা ৰাইটছ এণ্ড ৰিস্কছ এনালাইছিছ গ্ৰুপ(আৰ আৰ এ জি) শীৰ্ষক সংস্থাটোৱে বৃহস্পতিবাৰে এই অধ্যাদেশক অ-সংবিধানিক আৰু অসমৰ জনতাৰ বাবে ধ্বংসাত্মক আখ্যা দি অধ্যাদেশখনত অনুমোদন নজনাবলৈ ৰাজ্যপাল মুখীক আবেদন জনায়। এই আবেদন জনাই সংগঠনটোৱে ৰাজ্যপাল মুখীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।
সংগঠনটোৰ সঞ্চালক সুহাস চাকমা স্বাক্ষৰিত পত্ৰখনত কোৱা হয়," ২০১৩ৰ ভূমি অধিগ্ৰহণ, পুনৰ সংস্থাপন আৰু পুনৰ বন্দোবস্তি আইনত থকা সুলভ ক্ষতিপূৰণ আৰু স্বচ্ছতা এই অধ্যাদেশে বাতিল কৰিছে। তদুপৰি বন অধিকাৰ আইন,২০০৬ আৰু অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইনো এই অধ্যাদেশৰ জৰিয়তে বাতিল হৈছে"।এই বিধেয়ক এম এছ এম ইৰ বাবেও ক্ষতিকাৰক হ'ব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে এনে উদ্যোগ স্থাপনৰ বাবে যি প্ৰক্ৰিয়াৰে ভূমি অধিগ্ৰহণ হ'ব, সেয়া প্ৰক্ৰিয়া আইনগত দিশৰ পৰা বৈধ নহ'ব। গতিকে সংগঠনটোৱে ৰাজ্যপালক এই অধ্যাদেশত অনুমোদন নজনাবলৈ আবেদন জনাইছে।