শংকৰ জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ড্ৰাই ডে ঘোষণা

সমগ্ৰ কামৰূপ মহানগৰ জিলাত এই সময়ছোৱাত বিলাতী মদৰ সকলো ধৰণৰ দোকান-পোহাৰ বন্ধ থাকিব ৷
শংকৰ জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ড্ৰাই ডে ঘোষণা

মহাপুৰুষ শংকৰদেৱৰ ৫৭২সংখ্যক জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ৰাজ্য চৰকাৰে ড্ৰাই ডে ঘোষণা কৰিছে ৷ এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে অসম আবকাৰী আইনৰ ৩২৬(বি) (৪) ধাৰাৰ অধীনত এই ড্ৰাই ডে ঘোষিত হৈছে ৷

ড্ৰাই ডে ঘোষিত সময়ছোৱাত যিকোনো ধৰণৰ সুৰা আৰু সুৰাৰ দৰে সামগ্ৰী বিক্ৰী, মজুত, পান কৰা নিষিদ্ধ হ'ব ৷  সমগ্ৰ কামৰূপ মহানগৰ জিলাত এই সময়ছোৱাত বিলাতী মদৰ সকলো ধৰণৰ দোকান-পোহাৰ বন্ধ থাকিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com