ক'ৰ'না মহামাৰীঃ মৃত্যুৰ হিচাপ পৰীক্ষক ব'ৰ্ড গঠন অসম চৰকাৰৰ

সমগ্ৰ দেশত এই পৰ্যন্ত ৮ লক্ষাধিক লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰে ৫ লক্ষাধিক আৰোগ্য হৈছে।
ক'ৰ'না মহামাৰীঃ মৃত্যুৰ হিচাপ পৰীক্ষক ব'ৰ্ড গঠন অসম চৰকাৰৰ
Published on: 

অসমত ক্ৰমে ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে।এই মহামাৰীত ৩০জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে তথ্য প্ৰকাশ কৰিছে। এনে সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয় যে ৰাজ্য চৰকাৰে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হিচাপ পৰীক্ষাৰ এখন ব'ৰ্ড গঠন কৰিছে। এই ব'ৰ্ডে এজন ব্যক্তিৰ মৃত্যুৰ প্ৰকৃত কাৰণ মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ফলত হৈছে নে নাই হোৱা সেয়া নিশ্চিত কৰিব। ভাৰতীয় মেডিকেল গৱেষণা পৰিষদ(আই চি এম আৰ)-ৰ নিয়মাৱলী অনুসৰি এই ব'ৰ্ড গঠন কৰা হৈছে বুলি সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত কয়," অসম চৰকাৰে এখন চাৰিজনীয়া ব'ৰ্ড গঠন কৰিছে। এই ব'ৰ্ডে এজন ব্যক্তিৰ মৃত্যু ক'ৰ'নাৰ সংক্ৰমণৰ ফলত হোৱা বুলি নিশ্চিত কৰাৰ পাছতহে চৰকাৰে ব্যক্তিজনৰ মৃত্যুৰ কাৰণ ক'ৰ'না মহামাৰী বুলি আখ্যা দিব"। আনহাতে, সমগ্ৰ দেশত এই পৰ্যন্ত ৮ লক্ষাধিক লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰে ৫ লক্ষাধিক আৰোগ্য হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com