সোমবাৰৰ পৰা বৃহত্তৰ গুৱাহাটীত পেট্ৰ'ল ডিপ' বন্ধ থকাৰ সম্ভাৱনা

উত্তৰ-পূব পেট্ৰ’লিয়াম ডিলাৰ সংস্থাৰ বৃহত্তৰ গুৱাহাটী গোটে অহা সাত ছেপ্টেম্বৰৰ পৰা ধৰ্মঘটৰ আহ্বান জনাইছে ৷
সোমবাৰৰ পৰা বৃহত্তৰ গুৱাহাটীত পেট্ৰ'ল ডিপ' বন্ধ থকাৰ সম্ভাৱনা

অহা সোমবাৰৰ পৰা বৃহত্তৰ গুৱাহাটীত সকলো পেট্ৰ'ল ডিপ' বন্ধ থকাৰ সম্ভাৱনা আছে ৷প্ৰাপ্ত তথ্য অনুসৰি তেল কোম্পানীসমূহৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি উত্তৰ-পূব পেট্ৰ'লিয়াম ডিলাৰ সংস্থাৰ বৃহত্তৰ গুৱাহাটী গোটে অহা সোমবাৰ অৰ্থাৎ সাত ছেপ্টেম্বৰৰ পৰা ধৰ্মঘটৰ আহ্বান জনাইছে ৷

যদি এই ধৰ্মঘট ৰূপায়িত হয়, তেন্তে অহা সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বৃহত্তৰ গুৱাহাটীত পেট্ৰ'ল পাম্পসমূহ বন্ধ হৈ পৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com