উত্তৰ-পূব ভাৰত-বাংলাদেশৰ বানাক্ৰান্তলৈ গ্ৰেটা থুনবাৰ্গৰ ৮৭লাখ টকা

উত্তৰ-পূব ভাৰত-বাংলাদেশৰ বানাক্ৰান্তলৈ গ্ৰেটা থুনবাৰ্গৰ ৮৭লাখ টকা

ভাৰত আৰু বাংলাদেশৰ বানাক্ৰান্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত কেতবোৰ সংগঠনৰ জৰিয়তে তেওঁ এই পুঁজি আগবঢ়াব।
Published on

অসমকে ধৰি উত্তৰ-পূব আৰু বাংলাদেশৰ বানাক্ৰান্তৰ দুঃখ-দুৰ্দশাই অনেককে মৰ্মাহত কৰিছে। এই বান দুৰ্গতসকলক সাহায্য প্ৰদানৰ বাবে কণমানি পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গে ৮৭ লাখ টকা আগবঢ়াইছে। প্ৰাপ্ত তথ্য অনুসৰি অনেকৰ মনত আশাৰ সঞ্চাৰ ঘটাই মঙলবাৰে গ্ৰেটাই টুইটাৰত এই কথা প্ৰকাশ কৰে। তেওঁ এটা টুইটত কয় যে ভাৰত আৰু বাংলাদেশৰ বানাক্ৰান্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত কেতবোৰ সংগঠনৰ জৰিয়তে তেওঁ এই পুঁজি আগবঢ়াব।

উল্লেখ্য যে এইবাৰ বহু বছৰৰ মূৰত অসমত সংসাৰী বানৰ সৃষ্টি হৈছে। এই বানত বৰ্তমানলৈকে ৮০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। " মোৰ ফাউণ্ডেচনে বি আৰ এ চি, গুঞ্জ, একচন এইড ইণ্ডিয়ালৈ এক লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাৰ হিচাপত ৮৭ লাখ টকা) মুকলি কৰি দিব। এই সংগঠনসমূহে বানাক্ৰান্তসকলৰ বাবে নিৰলসভাবে কাম কৰি আছে। মই এই সংগঠনসমূহক সমৰ্থন জনাইছো"-গ্ৰেটাই এটা টুইটত এইদৰে কয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com