জি এছ টিৰ ক্ষতিপূৰণঃ ৰাজ্যসমূহক দুটা বিকল্পৰ প্ৰস্তাৱ কেন্দ্ৰৰ

এই বিকল্প প্ৰস্তাৱ দুটাৰ কোনটো গ্ৰহণ কৰিব, সেই বিষয়ে জনাবলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক এসপ্তাহৰ সময় দিছে ৷
জি এছ টিৰ ক্ষতিপূৰণঃ ৰাজ্যসমূহক দুটা বিকল্পৰ প্ৰস্তাৱ কেন্দ্ৰৰ

সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ বাবদ ৰাজ্যসমূহে পাবলগীয়া ক্ষতিপূৰণ আদায়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দুটা বিকল্প পদ্ধতিৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে। ৰাজ্যসমূহৰ ওচৰত এই বিকল্প প্ৰস্তাৱ দুটাৰ বিষয়ে ইতিমধ্যে কেন্দ্ৰই অৱগত কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এই বিকল্প প্ৰস্তাৱ দুটাৰ কোনটো গ্ৰহণ কৰিব, সেই বিষয়ে জনাবলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক এসপ্তাহৰ সময় দিছে ৷

বৃহস্পতিবাৰে অনুষ্ঠিত জি এছ টি পৰিষদৰ ৪১সংখ্যক সভাত এই প্ৰস্তাৱ দুটা উত্থাপন হয় ৷ ইয়াৰে প্ৰথমটো প্ৰস্তাৱত কেন্দ্ৰই ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰি বিশেষ ঋণ সুবিধাসহ ৯৭হেজাৰ কোটি টকা এক যুক্তিসংগত সুদৰ হাৰত প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতে, দ্বিতীয়টো প্ৰস্তাৱত কেন্দ্ৰই ০.৫ শতাংশ সুতত ৰাজ্য চৰকাৰসমূহক এফ আৰ বি এম আইনৰ অধীনত জি এছ টিৰ বাবে ক্ষতিপূৰণৰ ধন আদায়ৰ প্ৰস্তাৱ উত্থাপন কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com