ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটী কাৰাগাৰক কণ্টেইনমেণ্ট জ'ন ঘোষণা

উপায়ুক্ত বিশ্বজিত পেগুৱে এই কণ্টেইনমেণ্ট মণ্ডল ছীল কৰিবলৈ স্থানীয় ৰাজহচক্ৰ বিষয়াক নিৰ্দেশ দিছে।
ক'ৰ'না আক্ৰান্ত চিনাক্তঃ গুৱাহাটী কাৰাগাৰক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰক কণ্টেইনমেণ্ট জ'ন বা মণ্ডল ঘোষণা কৰিছে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে।  বন্দীৰ মাজত ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিধি অনুসৰি জিলা প্ৰশাসনে লখৰাস্থিত এই কেন্দ্ৰীয় কাৰাগাৰক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে।ইতিমধ্যে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কণ্টেইনমেণ্ট মণ্ডল ছীল কৰিবলৈ স্থানীয় ৰাজহচক্ৰ বিষয়াক নিৰ্দেশ দিছে। উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি এই কণ্টেইনমেণ্ট মণ্ডলৰ চাৰিসীমা এনেধৰণৰঃ

পূবঃ এছ এছ বি শিবিৰ আৰু অসম আৰক্ষী প্লট

পশ্চিমঃ কেন্দ্ৰীয় কাৰগাৰৰ মূল প্ৰৱেশদ্বাৰ

উত্তৰঃ হীৰেন টেৰনৰ বাসভৱন আৰু কফী বোৰ্ডৰ কাৰ্যালয় আৰু

দক্ষিণঃ কেন্দ্ৰীয় কাৰাগাৰ সংলগ্ন পথ।

উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাত কোৱা হয় যে এই কণ্টেইনমেণ্ট মণ্ডলত কোনো অ-কৰ্তৃত্বশীল লোকে প্ৰৱেশ কৰিব নোৱাৰিব আৰু অ-কৰ্তৃত্বশীল লোকে বাহিৰলৈ ওলাব নোৱাৰিব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com