গুৱাহাটীৰ ৰিয়া মহন্তলৈ সন্মানীয় যুৱ কাৰ্ণেগী শান্তি বঁটা

নেদাৰলেণ্ডৰ দ্য হগস্থিত শান্তি প্ৰাসাদত আন্তৰ্জাতিক ন্য়ায় আদালতে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে।
গুৱাহাটীৰ ৰিয়া মহন্তলৈ সন্মানীয় যুৱ কাৰ্ণেগী শান্তি বঁটা
Published on

গুৱাহাটীৰ নিবাসী সৌৰভ মহন্ত আৰু ডঃ নীলাক্ষী মহন্তৰ কন্যা ৰিয়া চলিত বৰ্ষৰ সন্মানীয় যুৱ কাৰ্ণেগী শান্তি বঁটা লাভ কৰিছে। ৰিয়া মহন্তই দক্ষিণ ছুডানত ৰাষ্ট্ৰসংঘৰ অসামৰিক পৰিক্ৰমাৰ স্বেচ্ছেসৱকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। নেদাৰলেণ্ডৰ দ্য হগস্থিত শান্তি প্ৰাসাদত আন্তৰ্জাতিক ন্য়ায় আদালতে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত আয়োজকে কয়,  " ২০২১ৰ কাৰ্ণেগী যুৱ শান্তি বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো। আমি তেওঁলৈ অভিনন্দন জনালো!"

কোনো অঞ্চল বা দেশৰ সংঘৰ্ষজৰ্জৰিত পৰিস্থিতি অন্ত পৰাৰ পাছত যিসকল যুৱ স্বেচ্ছাসেৱীয়ে শান্তি স্থাপনৰ বাবে কাম কৰে তেওঁলোকৰ মাজৰ পৰা এগৰাকীক এই বঁটাৰ বাবে বাছনি কৰা হয়। ইয়াৰ জৰিয়তে আনকো এনেধৰণৰ কামত জড়িত হবলৈ উত্সাহিত কৰা হয়।  এই বঁটা লাভ কৰা সূত্ৰে ৰিয়া মহন্তই পৰৱৰ্তী ২ বছৰৰ বাবে কাৰ্ণেগী ফাউণ্ডেচনৰ পীচ পেলেচ য়ুথ এম্বেচাদৰৰূপে কাৰ্যনিৰ্বাহ কৰিব।  

ৰিয়াই প্ৰকাশ কৰা অনুসৰি তেওঁ কৰি থকা কামত যথেষ্ট প্ৰত্যাহ্বান আছে। যিকোনো মূহূৰ্ততে যুদ্ধৰ আশংকাও থাকে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com