ভূতৰ ওপৰত দানহঃ গুৱাহাটীত ভূমিস্খলনত মহিলাসহ তিনিজন আহত

গাৰ্ড ৱাল খহি পৰাৰ ফলতে ঘৰটোত থকা তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ভূতৰ ওপৰত দানহঃ গুৱাহাটীত ভূমিস্খলনত মহিলাসহ তিনিজন আহত

ভূতৰ ওপৰত দানহ! ক'ৰ'না মহামাৰীৰ বিভীষিকাই সৰ্বত্ৰ ছানি ধৰাৰ সয়মতে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত পুনৰ আৰম্ভ হৈছে ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে ভয়ঙ্কৰ ভূমিস্খলনৰ ঘটনা৷ভূমিস্খলনৰ ফলত এটা বাসগৃহৰ ওপৰত এখন গাৰ্ড ৱাল খহি পৰে আৰু গাৰ্ড ৱাল খহি পৰাৰ ফলতে ঘৰটোত থকা তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোক তিনিগৰাকী হৈছে ক্ৰমে- উষা বৰা(৬২), গোলাপী কলিতা(১৮) আৰু ভৰত কলিতা(৪৫)।গাৰ্ড ৱালৰ খহি পৰা অংশৰ তলত আৱদ্ধ হৈ পৰে ভৰত কলিতা । উষা বৰা আৰু গোলাপী কলিতাক উদ্ধাৰ কৰি ইতিমধ্যে হায়াত হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে৷ উষা বৰা ঘৰটোৰ মালিক আৰু গোলাপী কলিতা আৰু ভৰত কলিতা উক্ত ঘৰটোতে ভাৰাতীয়া হিচাপে আছিল। ইতিমধ্যে ঘটনাস্থলীত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বাহিনী উপস্থিত হৈ ভৰত কলিতাক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।ঘটনাস্থলীত দিছপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসো উপস্থিত হৈছে। জানিব পৰা মতে, ভূমিস্খলনৰ ঘটনাৰ পৰা কথমপি ভৰতৰ পত্নী আৰু পুত্ৰ ৰক্ষা পৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com