গুৱাহাটীত আৰু এসপ্তাহৰ বাবে বৃদ্ধি তলাবন্ধ

এই আলোচনাত সিদ্ধান্ত গৃহীত হয় যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা উচিত।
গুৱাহাটীত আৰু এসপ্তাহৰ বাবে বৃদ্ধি তলাবন্ধ

গুৱাহাটীত আৰু এসপ্তাহৰ বাবে বৃদ্ধি হ'ল তলাবন্ধ বা লক-ডাউন। বিভিন্ন পক্ষৰ সৈতে আলোচনাৰ পাছত এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। সেই অনুসৰি অহা ১৯ জুলাইৰ সন্ধিয়া ৭বজালৈকে গুৱাহাটীত তলাবন্ধ আৰোপিত থাকিব। উল্লেখ্য যে ১২জুলাই অৰ্থাত কাইলৈ তলাবন্ধ অন্ত পৰাৰ কথা আছিল। কিন্ত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। মুখ্য সচিবে জাৰি কৰা এই সম্পৰ্কীয় এক নিৰ্দেশনাত কোৱা হৈছে, " কামৰূপ মহানগৰৰ জিলা দণ্ডাধীশে দাখিল কৰা তথ্য অনুসৰি জিলাখনত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে"।

ইয়াৰ পূৰ্বে বিভিন্ন চৰকাৰী জ্যেষ্ঠ বিষয়াবৰ্গ, মহানগৰীৰ বহু ৱাৰ্ডৰ প্ৰতিনিধি লকডাউন বৃদ্ধি কৰা-নকৰাক লৈ আলোচনাত মিলিত হয়। তদুপৰি এনে আলোচনাত বহু নাগৰিক সমিতি, অসম আৰক্ষী আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনেও অংশ লয়। এই আলোচনাত সিদ্ধান্ত গৃহীত হয় যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা উচিত। উল্লেখ্য যে শেহতীয়াভাবে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ মৃত্যুৰ হাৰ ০.২৩ শতাংশলৈ বৃদ্ধি পাইছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com