গুৱাহাটীত সম্পূৰ্ণ ল'ক-ডাউনঃ কি কি সেৱা বন্ধ থাকিব ?

দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটীত পুনৰ সম্পূৰ্ণ ল'ক-ডাউন বা তলাবন্ধ ঘোষণা কৰিছে ৷ এই ল'ক-ডাউন অহা ১২জুলাইলৈকে বাহাল থাকিব ৷
গুৱাহাটীত সম্পূৰ্ণ ল'ক-ডাউনঃ কি কি সেৱা বন্ধ থাকিব ?

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা দ্ৰূতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অহা দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী মহানগৰত পুনৰ সম্পূৰ্ণ ল'ক-ডাউন বা তলাবন্ধ ঘোষণা কৰিছে ৷ এই ল'ক-ডাউন অহা ১২জুলাইলৈকে বাহাল থাকিব ৷ স্বাভাৱিকতে এই ল'ক-ডাউনৰ সময়ছোৱাত স্বাভাৱিকতে অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাদে আন সকলো সেৱা আৰু ব্যৱসায়িক কাম-কাজ বন্ধ থাকিব ৷ অহা ১২জুলাইলৈকে বাহাল থাকিবলগীয়া এই ল'ক-ডাউনৰ সময়ছোৱাত মহানগৰীত কি কি বন্ধ থাকিব, তাৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্য চৰকাৰে ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই প্ৰকাশ কৰিছে ৷

এই তালিকা অনুসৰি তলাবন্ধ ঘোষিত অঞ্চলত নিম্নোক্ত সেৱাসমূহ সেৱাসমূহ বন্ধ থাকিবঃ

১) তলাবন্ধ আৰোপিত সাধাৰণ লোকৰ চলন-ফুৰণ বন্ধ থাকিব।

২) তলাবন্ধ আৰোপিত অঞ্চলত সকলো চৰকাৰী কাৰ্যালয়, স্বায়ত্বশাসিত সংস্থাৰ কাৰ্যালয় আৰু বে-চৰকাৰী কাৰ্যালয়সমূহ।

৩) সকলো ব্যৱসায়িক/বাণিজ্যিক প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ থাকিব।

৪) সকলো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব।

৫) সকলো ৰাজহুৱা পৰিবহন সেৱা বন্ধ থাকিব।

৬) সকলো ব্যক্তিগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।

৭) আতিথ্য খণ্ডৰ সকলো সেৱা বাতিল কৰা হৈছে।

৮)সকলো শৈক্ষিক, গৱেষণা, প্ৰশিক্ষণ, ক'চিং কেন্দ্ৰৰ বন্ধ ঘোষণা কৰা হৈছে।

৯)সকলো ৰাজহুৱা উপাসনাস্থলী বন্ধ থাকিব। সকলো ধৰ্মীয় সমাৱেশ বাতিল কৰা হৈছে।

১০) শৱদাহৰ ক্ষেত্ৰত ২০জনতকৈ অধিক মানুহ সমবেত হ'ব নোৱাৰিব।

১১)অনা-অত্যাৱশ্যকীয় সেৱাৰ যান-বাহন আৰু সাধাৰণ মানুহৰ অ-লাগতিয়াল সেৱা বন্ধ থাকিব।

১২)ৰাজহুৱা স্থানত থু-পিক পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিষেধাজ্ঞা উলংঘাকাৰীক শাস্তি বিহা হ'ব।

১৩) ৰাজহুৱা স্থানত সুৰাপান, তামোল-পাণ, গুটখা চোবোৱা, খৈনী খোৱা আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com