পৰ্যায়ক্ৰমে গুৱাহাটীৰ তলাবন্ধ প্ৰত্যাহাৰ কৰা হ'বঃ স্বাস্থ্য মন্ত্ৰী

কিন্তু একে সময়তে সমগ্ৰ মহানগৰীত আন-ল’ক ঘোষণা কৰা নহয়।
পৰ্যায়ক্ৰমে গুৱাহাটীৰ তলাবন্ধ প্ৰত্যাহাৰ কৰা হ'বঃ স্বাস্থ্য মন্ত্ৰী
Published on: 

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে পুনৰ গুৱাহাটীত আৰোপ কৰা তলাবন্ধ বা লক-ডাউন পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিব। আজি বৃহস্পতিবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে লক-ডাউন পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰা হ'ব আৰু এই সম্পৰ্কে আৰু কিছুদিনৰ পাছত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰিব। গুৱাহাটীত তলাবন্ধ প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সদৰী কৰি তেওঁ লগতে কয়, " গুৱাহাটীত তলাবন্ধ প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু একে সময়তে সমগ্ৰ মহানগৰীত আন-ল'ক ঘোষণা কৰা নহয়। আনলকৰ প্ৰথমটো পৰ্যায় আহিব। তাৰ পাছতে মুখ্য সচিবে নীতি-নিৰ্দেশনা জাৰি কৰিব। আজি আমি স্বাস্থ্য বিভাগৰ মতামত প্ৰদান কৰিম"।তেওঁ লগতে কয় যে শিলচৰ, গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ক বাদ দি সমগ্ৰ অসমত পৰিস্থিতি নিয়ন্ত্ৰণাধীন। স্বাস্থ্য বিভাগে ক'ৰ'না ৰোগীক চিকিত্সাৰ ক্ষেত্ৰত আগ্ৰাসীৰূপ লৈছে বুলিও মন্ত্ৰীজনে দাবী কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com