কিঞ্চিত সকাহ ! গুৱাহাটীত ২৪ঘণ্টাত ২১৯ ক'ৰ'না আক্ৰান্ত চিনাক্ত

কিঞ্চিত সকাহ ! গুৱাহাটীত ২৪ঘণ্টাত ২১৯ ক'ৰ'না আক্ৰান্ত চিনাক্ত

কালি সমগ্ৰ ৰাজ্যত মুঠ ১,০৪৭ জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হয়

কিঞ্চিত যেন সকাহ ! বিগত কিছুদিনৰ তুলনাত গুৱাহাটী মহানগৰীত ক'ৰ'না আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত ২১৯ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। এই সংখ্যাও উদ্বেগজনক যদিও বিগত কিছুদিনৰ তুলনাত এই সংখ্যা কম। কিন্তু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে পূৰ্বাণুমান কৰা অনুসৰি অহা মাহৰ পৰা ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে। আনহাতে, কালি সমগ্ৰ ৰাজ্যত মুঠ ১,০৪৭ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ১৯ হেজাৰ নমুনাৰ মাজৰ পৰা এইসকল ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে অলপতে কৰা পূৰ্বাণুমান অনুসৰি অহা আগষ্টত অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৬৫ হেজাৰলৈ বৃদ্ধিৰ আশংকা আছে।     

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com