আন-ল'কঃ সোমবাৰৰ পৰা গুৱাহাটীত পুনৰ মুকলি সুৰাৰ বিপনী

অৱশ্যে সকলোৱে ক’ৱিড-১৯ নিয়ন্ত্ৰণৰ বিধি মানি চলিব লাগিব।
আন-ল'কঃ সোমবাৰৰ পৰা গুৱাহাটীত পুনৰ মুকলি সুৰাৰ বিপনী
Published on

সুৰাপায়ীসকললৈ সুঃখবৰ ! সোমবাৰৰ পৰা গুৱাহাটীত পুনৰ মুকলি হ'ব সুৰাৰ বিপণী। আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কামৰূপ মহানগৰ জিলাত তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰি এই কথা প্ৰকাশ কৰে। সংবাদমেলত মুখ্য সচিবে কয় যে এটা সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ সুৰা বিপণী মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে সকলোৱে ক'ৱিড-১৯ নিয়ন্ত্ৰণৰ বিধি মানি চলিব লাগিব। উল্লেখ্য যে এক চৰকাৰী তথ্য অনুসৰি সমগ্ৰ দেশত ১৬ কোটি লোকে নিয়মীয়াকৈ সুৰাপান কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com