তৃতীয় পৰ্যায়ৰ আনল'কঃ প্ৰত্যাহাৰ হ'ব নৈশ কাৰ্ফিউ, কেন্দ্ৰৰ নতুন নিৰ্দেশনা

স্কুল-কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান অহা ৩১ আগষ্টলৈকে বন্ধ থাকিব।
তৃতীয় পৰ্যায়ৰ আনল'কঃ প্ৰত্যাহাৰ হ'ব নৈশ কাৰ্ফিউ, কেন্দ্ৰৰ নতুন নিৰ্দেশনা

অহা ১ আগষ্টৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ আনলক বা তলাখোলা পৰ্যায় আৰম্ভ হব। ইয়াৰ প্ৰাক-মূহৰ্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰীলয়ে এলানি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।এই নীতি-নিৰ্দেশনাসমূহ কণ্টেইনমেণ্ট জ'নৰ বাহিৰত প্ৰযোজ্য হব। বিভিন্ন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ মতামত অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নতুন নীতি-নিৰ্দেশনাসূচী প্ৰস্তুত কৰিছে। এই নতুন নীতি-নিৰ্দেশনাসমূহ নিম্নোক্ত ধৰণৰ হবঃ

১) সাধাৰণ লোকৰ নৈশ চলন-ফুৰণত নিষেধাজ্ঞা প্ৰত্যাহাৰ হব।

২) ৫ আগষ্টৰ পৰা যোগ প্ৰতিষ্ঠান আৰু ব্যায়ামাগাৰসমূহ মুকলি হব। অৱশ্যে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

৩) স্কুল-কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান অহা ৩১ আগষ্টলৈকে বন্ধ থাকিব।

৪) চিনেমা হল, ছুইমিং পুল, বিনোদন উদ্যান, থিয়েটাৰ, প্ৰেক্ষাগৃহ, বাৰ আদি বন্ধ থাকিব ।

৫) সামাজিক-ৰাজনৈতিক, ক্ৰীড়া সমাৰোহ, আমোদ-প্ৰমোদৰ উত্সৱ, সাংস্কৃতিক অনুষ্ঠান আদি বন্ধ থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com