দিহিং-পাটকাইত কয়লা খনন বিতৰ্ক: উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰুজু

এই কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত বহুসংখ্যক জনস্বাৰ্থজড়িত আবেদন(পি আই এল)দাখিল হৈছে ৷
দিহিং-পাটকাইত কয়লা খনন বিতৰ্ক: উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰুজু

দিহিং-পাটকাইত কয়লা খনন বিতৰ্ক: উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ ৰুজু

কেন্দ্ৰই অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং-পাটকাইত কয়লা খননৰ অনুমতি দিয়া বুলি ৰাজ্যত সৃষ্টি তুমুল বিতৰ্কৰ মাজতে বিষয়টোক লৈ নিজাববীয়া গোচৰ ল'লে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ এই গোচৰ ৰুজু কৰি ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত স্থিতি ব্যক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ক'ল ইণ্ডিয়া লিমিটেডলৈ জাননী জাৰি কৰিছে ৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় সিং আৰু ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ এখন পীঠে এই গোচৰ ৰুজু কৰিছে । বিচাৰপীঠে অহা ১৪জুলাইৰ ভিতৰত শপতনামাযোগে স্থিতি জনাবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ক'ল ইণ্ডিয়া লিমিটেডক নিৰ্দেশ দিছে ৷ উল্লেখ্য যে এই কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত বহুসংখ্যক জনস্বাৰ্থজড়িত আবেদন(পি আই এল)দাখিল হৈছে ৷ ইয়াৰে প্ৰথমখন আবেদন যোৱা ২৬মে'ত দাখিল কৰে মৃণ্ময় খাটনিয়াৰ আৰু অমৰজ্যোতি ডেকাই ।এই সম্পৰ্কত দ্য ছেণ্টিনেল ডিজিটেলক মৃণ্ময় খাটনীয়াৰে কয়, " ২৬মে'ত দই আৰু অমৰজ্যোতি ডেকাই পি আই এল দাখিল কৰো ৷ তাৰ পাছতে ৩০মে'ত অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বিক্ৰম ৰাজখোৱাই আন এখন পি আই এল দাখিল কৰে ৷ আমাক ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছে ডি কে দাস আৰু আৰ এছ চৌধুৰীয়ে ৷ সম্প্ৰতি ন্যায়ালয়ে নিজাববীয়া গোচৰ লৈছে ৷" খাটনীয়াৰে লগতে কয় যে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি দিলে অঞ্চলটোত বৃহৎ নেতিবাচক প্ৰভাৱ পৰিব ৷ "কয়লা খননৰ অনুমতি দিলে বন্যপ্ৰাণীৰ বসতিস্থল ধ্বংস হ'ব ৷ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব," খাটনীয়াৰে এইদৰেও কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com