অসমত ক'ৰ'না মহামাৰীত আৰু দুজনৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৪৮লৈ বৃদ্ধি

দুৰ্ভগীয়াদ্বয়ৰ এগৰাকী কামৰূপ মহানগৰ জিলাৰ আৰু আনগৰাকী তিনিচুকীয়াৰ।
অসমত ক'ৰ'না মহামাৰীত আৰু দুজনৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৪৮লৈ বৃদ্ধি

ৰাজ্যত ক'ৰ'না মহামাৰীত আৰু দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে। এই দুৰ্ভগীয়াদ্বয়ৰ এগৰাকী কামৰূপ মহানগৰ জিলাৰ আৰু আনগৰাকী তিনিচুকীয়াৰ। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি কামৰূপ মহানগৰ জিলাৰ হীৰা দেৱী(৪৫) আৰু তিনিচুকীয়াৰ ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।দুয়োজনৰে মৃত্যু ক'ৰ'নাত হোৱাটো ৰাজ্যৰ মৃত্যুৰ হিচাপ পৰীক্ষক বোৰ্ডে নিশ্চিত কৰা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত সদৰী কৰিছে।ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি পাইছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com