বীৰেন সিং চৰকাৰত অস্থিৰতাঃ সংকট মোচনত ' চাণক্য' হিমন্ত বিশ্ব শৰ্মা

বিৰোধী কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীৰে যোৱা শনিবাৰে ৰাজ্যপালক সাক্ষাত্ কৰে ।
বীৰেন সিং চৰকাৰত অস্থিৰতাঃ সংকট মোচনত ' চাণক্য' হিমন্ত বিশ্ব শৰ্মা

একাংশ বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰে থেলি দিয়া সংকটৰ পৰা মণিপুৰৰ বীৰেন সিং চৰকাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰক উদ্ধাৰত নামি পৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চাণক্য বা উত্তৰ-পূবৰ অমিত শ্বাহৰূপে খ্যাত মন্ত্ৰী শৰ্মা কালি দেওবাৰে মণিপুৰত উপস্থিত হয়। ক'ৱিড-১৯ মহামাৰীবিৰোধী যুঁজত অসমক নেতৃত্ব দিয়া স্বাস্থ্য মন্ত্ৰী শৰ্মাই কালি মণিপুৰত উপস্থিত হৈ সংকট মোচনৰ অংক কৰে। তেওঁৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন এন পি দলৰ মুৰব্বী কনৰাড চাংমাও মণিপুৰত উপস্থিত হয়। উল্লেখ্য যে বিভিন্ন দল আৰু নিৰ্দলীয় ৯ জন বিধায়কৰ সিং চৰকাৰলৈ সমৰ্থনৰ প্ৰত্যাহাৰৰ পাছতে বিৰোধী কংগ্ৰেছে চৰকাৰ গঠনৰ দাবীৰে যোৱা শনিবাৰে ৰাজ্যপালক সাক্ষাত্ কৰে। ৰাজ্যপাল নাজমা হেপতুল্লাক কংগ্ৰেছৰ এটা প্ৰতিনিধি সাক্ষাত কৰাৰ সময়ত আন একাংশ বিৰোধী দলৰ বিধায়কো উপস্থিত থাকে। লক্ষ্যণীয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পতনৰ সম্ভাৱনা প্ৰকট হোৱাত বিৰোধী কংগ্ৰেছে ৰাজ্যখনত ছেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰণ্ট নামৰ এটা নতুন মৰ্চা গঠন কৰিছে।

আনহাতে, মণিপুৰত বিজেপি চৰকাৰৰ পতন ঘটিলে বিজেপিৰে মিত্ৰতা ভংগ হোৱাৰ আশংকাত ভুগিছে এন এন পিৰ মুৰব্বী চাংমা। কাৰণ মণিপুৰৰ এন এন পি বিধায়কেও বিদ্ৰোহ ঘোষণা কৰিছে। মণিপুৰত দলৰ মুৰব্বীৰ নেতৃত্ব বহন কৰা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী এন জয়কুমাৰে মন্তব্য কৰিছে যে চৰকাৰৰ নেতৃত্ব সলনি অ-বুজাপৰাৰ এটা বিষয়। আনহাতে, মণিপুৰ ৰাজ্যিক এন এন পিয়ে এটা বিবৃতিত কয় যে ৰাজ্যখনত বিজেপিয়ে স্বেচ্ছাচাৰীৰাজ চলাইছে। বিবৃতিটোত ক্ষোভ প্ৰকাশ কৰা হয় যে বিজেপিয়ে ৰাজ্যখনত কোনো উমৈহতীয়া ন্যূনতম কৰ্মসূচী হাতত লোৱা নাই। লোকসভা অথবা ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো বিজেপিয়ে সহযোগী দলসমূহৰ সৈতে আলোচনা নকৰে বুলিও বিবৃতিটোত অভিযোগ কৰা হৈছে। অৱশ্যে এই ৰাজনৈতিক সংকটৰ মাজতে বিজেপিয়ে অলপতে নিৰ্বাচন অনুষ্ঠিত মণিপুৰৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত দলীয় প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com