ক'ৰ'নাৰ চিকিৎসা বিনামূলীয়া হৈ থাকিবঃ স্বাস্থ্য মন্ত্ৰী

অৱশ্যে পেয়িং কেবিনত চিকিৎসা গ্ৰহণ কৰাসকলে পেয়িং কেবিনৰ মাচুল আদায় দিব লাগিব বুলি তেওঁ সদৰী কৰে ৷
ক'ৰ'নাৰ চিকিৎসা বিনামূলীয়া হৈ থাকিবঃ স্বাস্থ্য মন্ত্ৰী

ক'ৰ'না ৰোগীৰ নমুনা পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়া হৈ আছে আৰু এই চিকিৎসা বিনামূলীয়া হৈ থাকিব ৷ আজি গুৱাহাটীত এখন সংবাদমেলত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ক'ৰ'না ৰোগীয়ে ধনৰ বিনিময়ত চৰকাৰী গ্ৰহণ কৰিবলগীয়া হৈছে বুলি বিভিন্ন মাধ্যমত চলা প্ৰচাৰ খণ্ডন কৰি স্বাস্থ্য মন্ত্ৰীজনে কয় যে ক'ৰ'নাৰ নমুনা পৰীক্ষা আৰু জেনেৰেল ৱাৰ্ডত সকলো ক'ৰ'না বিনামূলীয়া চিকিৎসা লাভ কৰিব ৷ অৱশ্যে পেয়িং কেবিনত চিকিৎসা গ্ৰহণ কৰাসকলে পেয়িং কেবিনৰ মাচুল আদায় দিব লাগিব বুলি তেওঁ সদৰী কৰে ৷ ইয়াৰ কাৰণ মহাগাণনিকক হিচাপ দাখিল কৰিবলগীয়াটো বুলি মন্ত্ৰীজনে কয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com