এহেজাৰ নাৰ্ছ-২১৯আই চি ইউ টেকনিচিয়ানক নিযুক্তি পত্ৰ প্ৰদান

অনুষ্ঠানত তেওঁ কয় যে তেওঁৰ কাৰ্যকালত মানুহে ব্যক্তিগত চিকিৎসালয়তকৈ চৰকাৰী চিকিৎসালয়ৰ অধিক ওচৰ চাপিবলৈ লৈছে ৷
এহেজাৰ নাৰ্ছ-২১৯আই চি ইউ টেকনিচিয়ানক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্যত ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে সোমবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এহেজাৰগৰাকী নাৰ্ছ আৰু ২১৯জন আই চি ইউ টেকনিচিয়ানক নিযুক্তি প্ৰদান কৰে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এহেজাৰ গৰাকী ষ্টাফ নাৰ্ছ আৰু ২১৯আই চি ইউ টেকনিচিয়ানক নিযুক্তি পত্ৰ বিতৰণ কৰে ৷ অনুষ্ঠানত তেওঁ কয় যে তেওঁৰ কাৰ্যকালত মানুহে ব্যক্তি চিকিৎসালয়তকৈ চৰকাৰী চিকিৎসালয়ৰ অধিক ওচৰ চাপিবলৈ লৈছে ৷ "এনে ৰূপান্তৰণৰ সাক্ষী হৈ মই অনুভৱ কৰো যে স্বাস্থ্য মন্ত্ৰীৰূপে মোৰ উদ্দেশ্য পূৰণ কৰিবলৈ সক্ষম হৈছো আৰু জি এম চি এইচক মোৰ সাধ্যানুসাৰে সৰ্বশ্ৰেষ্ঠ সা-সুবিধা প্ৰদান কৰিছো"-মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷

অনুষ্ঠানত তেওঁ লগতে বিজেপিৰ বিগত চাৰি বছৰীয়া কাৰ্যকালত ৰাজ্যৰ স্বাস্থ্যখণ্ডত সম্পন্ন কৰা কাম-কাজৰ খতিয়ানো দাঙি ধৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com