ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজঃ গুৱাহাটীৰ বৰাগাঁৱত পৰীক্ষাগাৰ মুকলি

ইয়াৰ জৰিয়তে নিতৌ ১০ হেজাৰৰ ওচৰা-ওচৰি নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিব।
ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজঃ গুৱাহাটীৰ বৰাগাঁৱত পৰীক্ষাগাৰ মুকলি

ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজঃ গুৱাহাটীৰ বৰাগাঁৱত পৰীক্ষাগাৰ মুকলি

ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখন আৰু অধিক শক্তিশালী কৰিলে অসম চৰকাৰে। সোমবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বৰাগাঁৱত আৰু এটা ক'ৰ'নাৰ নমুনা পৰীক্ষা কেন্দ্ৰ মুকলি কৰে। এই পৰীক্ষাকেন্দ্ৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন'লজী( আই এ এছ এছ টি) আৰু গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ যৌথ উদ্যোগত স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে নিতৌ ১০ হেজাৰৰ ওচৰা-ওচৰি নমুনা পৰীক্ষা  সম্ভৱ হৈ উঠিব। পৰীক্ষাগাৰটো মুকলি কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়," আমি ইয়াত নিতৌ ১০ হেজাৰ নমুনা পৰীক্ষা কৰিবলৈ সক্ষম হ'ম। যেতিয়াই আমি ইমান সংক্যক নমুনা পৰীক্ষা কৰিবলৈ সক্ষম হ'ম, তেতিয়াই সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত থকাসকলক যাবলৈ দিব পাৰিম।"

ইয়াৰ পূৰ্বে শনিবাৰে স্বাস্থ্য মন্ত্ৰী শৰ্মাই যোৰহাটস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৰাজ্যৰ অষ্টমটো ক'ৰ'নাৰ নমুনা পৰীক্ষাগাৰ মুকলি কৰে ৷ পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে এই প্ৰতিষ্ঠান হৈছে নতুন দিল্লীস্থিত বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ এক অংগ৷ তৎসত্বেও এই সংকটৰ ভয়াবহতা অনুধাৱন কৰি প্ৰতিষ্ঠানখনে মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ "আৰু দুই-এদিনৰ ভিতৰতে ক'ৰ'নাৰ নমুনা পৰীক্ষা এক-দুই লাখৰ ওচৰা-ওচৰি হ'ব ৷ কিন্তু আৰু আমি অধিক কাম কৰিব বিচাৰো ৷ কাৰণ আমি আন ৰোগীৰ পৰা ক'ৰ'না ৰোগীক আঁতৰ কৰি চিকিৎসা প্ৰদান কৰিব বিচাৰোঁ," তেওঁ গইদৰে কয় ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই আৰু কয় যে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে আৰু বহুসংখ্যক পৰীক্ষাগাৰে কাম কৰি আছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com