জি এম চি এইচত ক'ৱিড আক্ৰান্তৰ অৱস্থাৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

ৰোগীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য আজি জি এম চি এইচত উপস্থিত হয়।
জি এম চি এইচত ক'ৱিড আক্ৰান্তৰ অৱস্থাৰ বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ থকা ক'ৱিড-১৯ মহামাৰী আক্ৰান্তসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীজনে কৰা লাইভ ভিডিঅ'ত দেখা যায় যে তেওঁ হাস্পতালত এজন ব্যক্তিৰ সৈতে কথা পাতিছে। ব্যক্তিজনে কয় যে ক'ৱিড আক্ৰান্তৰ চিকিত্সাৰ ক্ষেত্ৰত সকলোৱে অসমৰ আৰ্হি গ্ৰহণ কৰা উচিত। তাৰ পাছতে তেওঁ ৰোগীসকলৰ সৈতে প্ৰত্যক্ষভাবে কথা পাতে। ৰোগীৰ সৈতে কথাবোৰৰ সময়ত তেওঁ ৰোগীৰ পৰা সামান্য ব্যৱধানত থিয় হৈ থকা দেখা যায়। এই কথোপকথনৰ সময়ত মন্ত্ৰী শৰ্মাই ৰোগীয়ে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ ব্যৱস্থা কৰিবলৈ চিকিত্সকলক নিৰ্দেশ দিয়ে। ৰোগীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য আজি জি এম চি এইচত উপস্থিত হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com