ক'ৰ'নাঃ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালনৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

ন্যথা বৰ্তমানৰ লেখীয়াকৈ ক’ৰ’নাৰ সংক্ৰমণ ভয়াৱহ হৈ ৰোৱাৰ আশংকা কৰে মন্ত্ৰী শৰ্মাই ৷
ক'ৰ'নাঃ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালনৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ দুৰ্গাপূজা অনুষ্টুপীয়াকৈ পালন কৰিবলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মন্ত্ৰীজনে কয় যে সাম্প্ৰতিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুৰ্গা পূজা কেৱল মাংগলিক পৰ্বৰে মাজেৰে পালন কৰা উচিত ৷ পূৰ্বৰ লেখীয়াকৈ এইবাৰ জাকজমকমকভাবে তথা আড়ম্বৰপূৰ্ণভাবে আয়োজনৰ বিৰত থাকিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় ৷ মন্ত্ৰীজনে কয় যে যদি তেওঁৰ কথা ৰাইজে মানি লয়, তেন্তে ক'ৰ'নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷

অন্যথা বৰ্তমানৰ লেখীয়াকৈ ক'ৰ'নাৰ সংক্ৰমণ ভয়াৱহ হৈ ৰোৱাৰ আশংকা কৰে মন্ত্ৰী শৰ্মাই ৷ মন্ত্ৰী শৰ্মাই লগতে এইবুলিও সতৰ্ক কৰি দিয়ে যে আগন্তুক তিনিমাহত ক'ৰ'নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা আছে। সেয়েহে ৰাইজক তেওঁ প্ৰতিৰোধমূলক বিধিবোৰ মানি চলিবলৈ আহ্বান জনায়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com