গগৈৰ অধীনত কাম কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য আছিলঃ শৰ্মা

শৰ্মাই লগতে কয় যে গগৈয়ে অসমক এটা অন্ধকাৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল।
গগৈৰ অধীনত কাম কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য আছিলঃ শৰ্মা
Published on: 

সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অধীনত কাম কৰিবলৈ সুযোগ লাভ কৰাটোক তেওঁৰ সৌভাগ্য আছিল বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালি বিয়লি দেহাৱসান ঘচা গগৈলে শ্ৰদ্ধাঞ্জলী জনাই এটা টুইটত মন্ত্ৰী শৰ্মাই কয়, " গগৈৰ এজন দূৰদৃষ্টিসম্পন্ন অসাধাৰণ ব্যক্তি আছিল। তেওঁ গভীৰভাৱে জনতাৰ মানুহ আছিল। তেওঁৰ অধীনত কাম কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য আছিল"। শৰ্মাই লগতে কয় যে গগৈয়ে অসমক এটা অন্ধকাৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল। 

ইপিনে, আজি পুৱা ৯-৪০ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।নশ্বৰদেহ পোনে পোনে নিয়া হ'ব গগৈৰ দিছপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।তাত গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে জনতা ভৱনলৈ অনা হ'ব নশ্বৰ দেহ। তাত সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধা জনাব। পাছত নশ্বৰ দেহ নিয়া হ'ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে। বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ'ব নশ্বৰ দেহ।আজি নিশা আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com