সংবিধানত ইতিমধ্যেই ইণ্ডিয়াক ভাৰত বুলি কোৱা হৈছে : উচ্চতম ন্যায়ালয়

সংবিধানত ইতিমধ্যেই ইণ্ডিয়াক ভাৰত বুলি কোৱা হৈছে : উচ্চতম ন্যায়ালয়
Published on

সংবিধানত ইতিমধ্যেই ইণ্ডিয়াক ভাৰত বুলি কোৱা হৈছে : উচ্চতম ন্যায়ালয়

কিছুদিন পূৰ্বে দিল্লীৰ এজন ব্যক্তিয়ে দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত কৰাৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ কালি ২ জুনত এই আবেদনৰ শুনানী গ্ৰহণ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ শুনানী গ্ৰহণৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই কয় যে ভাৰতীয় সংবিধানত পূৰ্বৰ পৰাই দেশৰ নাম ভাৰত বুলি উল্লেখ আছে ।‌

ন্যায়ালয়ে লগতে কয় যে এই আবেদন খনে চৰকাৰৰ প্ৰতিনিধিত্ব কৰা হিচাপে বিবেচিত কৰিব পাৰে।

মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ অন্যতম বিচাৰপতি ন্যায়াধীশ এ এছ বোপানান আৰু হৃষিকেশ ৰয়ে আবেদনকাৰীক প্ৰশ্ন কৰি কয়, '' আপুনি ইয়ালৈ কিয় আহিছে ? ইণ্ডিয়াক ইতিমধ্যেই সংবিধানত ভাৰত বুলি কোৱা হৈছে"।

দিল্লীৰ আবেদনকাৰী অশ্বিন ভেইছে সংবিধানৰ ১ নং অনুচ্ছেদ সংশোধন কৰাৰ দাবী কৰিছিল।

আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে এয়া কৰিব নোৱাৰো বুলি কয় ।

ভেইছে যুক্তি প্ৰদান কৰে যে ইংৰাজী নাম 'ইণ্ডিয়া' ই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিনিধিত্ব নকৰে । তদুপৰি ই এটা গ্ৰীক শব্দ আৰু ইয়াক ইণ্ডিকা শব্দৰ পৰা লোৱা হৈছে। ।

তেওঁ কয় যে পূৰ্বত বহু এনে উদাহৰণ আছে য'ত 'ভাৰত মাতা কী জয়' ব্যৱহাৰ কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com