ক'ৰ'নাঃ দেশত এটা দিনত অভিলেখ সংখ্যক ৪.২লাখ নমুনা পৰীক্ষা সম্পন্ন

ইয়াৰ পূৰ্বে এটা দিনত সৰ্বাধিক ৩ লাখ ৫০ হেজাৰ নমুনা পৰীক্ষা কৰা হৈছিল।
ক'ৰ'নাঃ দেশত এটা দিনত অভিলেখ সংখ্যক ৪.২লাখ নমুনা পৰীক্ষা সম্পন্ন

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ নিশ্চিতকৰণৰ উদ্দেশ্যে কৰা নমুনা পৰীক্ষাৰ ক্ষেত্ৰত আজি দেশত এক অভিলেখ স্থাপন হ'ল। দেশত প্ৰথমবাৰৰ বাবে যোৱা ২৪ঘণ্টাত ৪ লাখ ২০ হেজাৰৰো অধিক নমুনা পৰীক্ষা কৰা হয়। ইয়াৰ পূৰ্বে সৰ্বাধিক ৩ লাখ ৫০ হেজাৰ নমুনা পৰীক্ষা কৰা হৈছিল। চৰকাৰী তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত সৰ্বমুঠ ৪,২০,৮৯৮ টা নমুনা পৰীক্ষা কৰা হয়। এনেদৰে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিব। নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্দিৰ কাৰণ হৈছে পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পোৱাটো।

উল্লেখ্য যে যোৱা জানুৱাৰীত দেশত ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাৰ মাত্ৰ এটাহে আছিল। আজি ইয়াৰ সংখ্যা বৃদ্ধি পাই ১,৩০১টা হৈছে।ইয়াৰে ৯০২টা চৰকাৰী আৰু ৩৯৯টা বেচৰকাৰী পৰীক্ষাগাৰ। এইক্ষেত্ৰত ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ তত্পৰ হোৱাত পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com