

ক'ৰ'না মহামাৰীত আক্ৰান্ত লোক সুস্থ হোৱা দিশৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰক সম্প্ৰতি পিছ পেলালে ভাৰতে ৷ অৰ্থাৎ সম্প্ৰতি ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক ক'ৰ'না ৰোগী সুস্থ হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে ভাৰতত মুঠ ৪২, ০৮, ৪৩১জন ক'ৱিড-১৯আক্ৰান্ত সুস্থ হৈছে আৰু চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷
আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ৬৯,২৫,৯৪১জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি ভাৰতত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ ৭৯.২৮ শতাংশ ৷ মাথোঁ যোৱা ২৪ ঘণ্টাত ৯৫, ৮৮০জন ক'ৰ'না ৰোগী সুস্থ হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ ৯০শতাংশ।
আৰু পঢ়িব পাৰেঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ সংকট মোচনৰ আশ্বাস মুখ্যমন্ত্ৰী সোণোৱালৰ