স্বাধীনতা দিৱসঃ পৃথিৱী বিখ্যাত নায়েগ্ৰা জলপ্ৰপাতত উত্তোলন হ'ব ত্ৰিৰংগা

একেদৰে পূৰ্বৰ লেখীয়াকৈ এইবাৰো কানাডাৰ টৰণ্টোত, ভেংকুভাৰ আৰু অট্টোৱাত জাতীয় পতাকা উত্তোলন কৰা হ'ব।
স্বাধীনতা দিৱসঃ পৃথিৱী বিখ্যাত নায়েগ্ৰা জলপ্ৰপাতত উত্তোলন হ'ব ত্ৰিৰংগা

এইবাৰৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সকলো ভাৰতীয়ৰ বাবে এক সুখবৰ আহিছে। পৃথিৱী বিখ্যাত নায়েগ্ৰা জলপ্ৰপাতত এইবাৰ উত্তোলন হ'ব দেশৰ জাতীয় পতাকা। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ স্বাধীনতা দিৱসত নায়েগ্ৰা জলপ্ৰপাতত ত্ৰিৰংগা পতাকা উত্তোলন হব। একেদৰে পূৰ্বৰ লেখীয়াকৈ এইবাৰো কানাডাৰ টৰণ্টোত, ভেংকুভাৰ আৰু অট্টোৱাত ভাৰতীয় উচ্চায়ুক্ত তথা কনছুলেটে জাতীয় পতাকা উত্তোলন কৰিব।

অৱশ্যে এইবাৰ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হ'ব। নায়েগ্ৰা জলপ্ৰপাতত ১৫ আগষ্টৰ সন্ধিয়া জাতীয় পতাকা উত্তোলন কৰা হব। উল্লেখ্য যে এইবাৰ আমেৰিকাৰ নিউয়ৰ্কৰ টাইম স্কোৱেৰতো স্বাধীনতা দিৱস উপলক্ষ্যে জাতীয় পতাকা উত্তোলন কৰা হ'ব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com