চীনৰ TikTok-ক বাই বাই অগণন ভাৰতীয়ৰ, আঁকোৱালি লৈছে চিংগাৰিক

চিংগাৰি এটা ভিডিঅ' শ্বেয়াৰিং এপ্লিকেশ্যন আৰু ইয়াত ভিডিঅ' আপলোড তথা ডাউনলোডৰ সুবিধা আছে।
চীনৰ TikTok-ক বাই বাই অগণন ভাৰতীয়ৰ, আঁকোৱালি লৈছে চিংগাৰিক

প্ৰতিবেশী কম্যুনিষ্ট ৰাষ্ট্ৰ চীনৰ শত্ৰুতা বৃদ্ধিয়ে দেশখনৰ প্ৰতি দেশপ্ৰেমী অগনন ভাৰতীয়ৰ মনত ঘৃণা আৰু বিতৃষ্ণাৰ ভাবৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে বহু দল-সংগঠনে চীনা সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জনৰ আহ্বান জনাইছে। বহু ভাৰতীয়ই ইয়াৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে। চীনৰ প্ৰতি এনে ঘৃণাৰ ভাব সৃষ্টিৰ সময়তে লাখ লাখ ভাৰতীয়ই সৌ-সিদিনালৈকে ভাৰততো জনপ্ৰিয় মনোৰঞ্জনধৰ্মী এপ টিকটক সম্পূৰ্ণৰূপে বৰ্জন কৰিছে। টিকটকৰ পৰিৱৰ্তে এইসকলে আদৰি লৈছে দুগৰাকী ভাৰতীয় প্ৰযুক্তিবিদে তৈয়াৰ কৰা চিংগাৰি নাম মনোৰঞ্জনধৰ্মী এপ। এই ভাৰতীয় এপ তৈয়াৰ কৰিছে বাংগালুৰুৰ বিশ্বাত্মা নায়ক আৰু সিদ্ধাৰ্থ গৌতমে । শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি মাথোঁ তিনিদিনতে কমেও পাঁচ লাখ ভাৰতীয়ই গুগল প্লে-ষ্ট'ৰত এই এপ ডাউনলোড কৰি লৈছে আৰু টিকটকক বিদায় জনাইছে। উল্লেখ্য যে চিংগাৰি এটা ভিডিঅ' শ্বেয়াৰিং এপ্লিকেশ্যন আৰু ইয়াত ভিডিঅ' আপলোড তথা ডাউনলোডৰ সুবিধা আছে।

তদুপৰি ছ্যাটিঙৰ সুবিধা দিয়া হৈছে।য়ুজাৰে মানুহৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে কন্টেন্টো শ্বেয়াৰ কৰিব পাৰে।

এই এপত ইংৰাজীৰ উপৰি ৯টা ভাৰতীয় ভাষা ক্ৰমে হিন্দী, গুজৰাটী, মাৰাঠী, পঞ্জাৱী,মালয়ালম, তামিল, তেলুগু,কানাড়া আৰু বাংলা উপলব্ধ।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com