চীনৰ প্ৰৰোচনাত নেপালৰ উদ্ভণ্ডালি বৃদ্ধিঃ ভাৰতৰে সম্পৰ্কৰ দ্ৰুত অৱনতি

চীনৰ প্ৰৰোচনাত এইবাৰ নেপালে ভাৰতীয় সেনা বাহিনীত গোৰ্খাৰ নিযুক্তি সম্পৰ্কীয় ত্ৰিপাক্ষিক চুক্তি বাতিলৰ দিশত আগবাঢ়িছে।
চীনৰ প্ৰৰোচনাত নেপালৰ উদ্ভণ্ডালি বৃদ্ধিঃ ভাৰতৰে সম্পৰ্কৰ দ্ৰুত অৱনতি

ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ প্ৰৰোচনাত উদ্ভণ্ডালি বৃদ্ধি পাইছে নেপালৰ। ভাৰত-নেপাল সম্পৰ্কৰ সম্প্ৰতি অধিক অৱনতি ঘটিছে। সৌ-সিদিনালৈকে ভাৰতৰ একপ্ৰকাৰ আশ্ৰয়ত থকা নেপালে শেহতীয়াভাবে চীনৰ সৈতে সম্পৰ্ক মধুৰ কৰিছে। আনকি চীনৰ প্ৰৰোচনাত এইবাৰ নেপালে ভাৰতীয় সেনা বাহিনীত গোৰ্খাৰ নিযুক্তি সম্পৰ্কীয় ত্ৰিপাক্ষিক চুক্তি বাতিলৰ দিশত আগবাঢ়িছে।

কাৰণ শুকুৰবাৰে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ গিয়াৱালিয়ে কয় যে ভাৰতীয় সেনাত গোৰ্খাৰ নিযুক্তি সম্পৰ্কীয় ত্ৰিপাক্ষিক চুক্তি বাতিল কৰা উচিত।

"গোৰ্খা সৈনিক নিযুক্তি সম্পৰ্কীয় ভাৰত-নেপাল-ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ প্ৰয়োজনীয়তা শেষ হৈছে। গতিকে এই চুক্তি বাতিল কৰাই ভাল। নেপালৰ নাগৰিকক বিদেশী সেনা-বাহিনীত যোগদান কৰোৱা উচিত নহয়।" নেপালৰ বৈদেশিক মন্ত্ৰীজনৰ স্পষ্ট মন্তব্য।

নেপালৰ বৈদেশিক মন্ত্ৰীজনৰ মতে, ভাৰত-নেপালৰ কালাপানী সীমা বিবাদ আলোচনাৰ বাবে ভাৰত আগ্ৰহী নোহাৱাত নেপাল ভাৰতৰ প্ৰতি বিতুষ্ট হৈ আছে।

উল্লেখ্য যে ভাৰতীয় সেনা বাহিনীৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে গোৰ্খা ৰেজিমেন্ট। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভৰ সময়ত ভাৰত-ব্ৰিটেইন আৰু নেপালৰ মাজত সম্পাদিত এক চুক্তি অনুসৰি চাৰিটা গোৰ্খা ৰেজিমেন্টক ব্ৰিটিছ সেনা বাহিনীৰ পৰা ভাৰতীয় সেনাত চামিল কৰা হৈছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com