গুৱাহাটীৰ পৰা উজনি অসমলৈ ২৪খন বাছ

মহামাৰীজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন বাছতে সৰ্বাধিক ১৬জন যাত্ৰীহে যাবলৈ দিয়া হ’ব।
গুৱাহাটীৰ পৰা উজনি অসমলৈ ২৪খন বাছ

ৰাজ্য চৰকাৰে কালি ৩০ জুলাইৰ পৰা অনুমতি প্ৰদান কৰা দুদিনীয়া আন্তঃজিলা ভ্ৰমণৰ সুবিধা আজি অন্ত পৰিব। প্ৰাপ্ত তথ্য অনুসৰি আজি গুৱাহাটীৰ পৰা ২৪খন বাছে অসমলৈ চলাচল কৰিব। এই সম্পৰ্কত চৰকাৰী সূত্ৰই কয় যে গুৱাহাটীৰ আই এছ বি টিৰ পৰা এই ২৪খন বাছে সমগ্ৰ ৰাজ্যৰ ৫৫টা স্থানলৈ যাত্ৰা কৰিব। এই মহামাৰীজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন বাছতে সৰ্বাধিক ১৬জন যাত্ৰীহে যাবলৈ দিয়া হ'ব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com