২৭মে'ৰ পৰা ৬জুনলৈ অসমলৈ আহিব চাৰিখন আন্তৰ্জাতিক বিমান

২৭মে'ৰ পৰা ৬জুনলৈ অসমলৈ আহিব চাৰিখন আন্তৰ্জাতিক বিমান

ইউক্ৰেইন, ৰাছিয়াৰ মস্কো, ফিলিপাইনছ আৰু কোৱেইটৰ পৰা চাৰিখন বিমান অহা ২৭মে’ৰ পৰা ছয় জুনলৈ যাত্ৰীসহ গুৱাহাটীত উপস্থিত হ’ব ৷
Published on

২৭মে'ৰ পৰা ৬জুনলৈ অসমলৈ আহিব চাৰিখন আন্তৰ্জাতিক বিমান

তলাবন্ধৰ মাজতে অসমলৈ চলিব আন্তৰ্জাতিক বিমান। অহা ২৭মে'ৰ পৰা ৬ জুনলৈ বিশ্বৰ কে'বাখনো দেশৰ পৰা চাৰিখন বিমান গুৱাহাটীলৈ আহিব। মঙলবাৰে টুইটাৰত এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই । মুখ্য সচিবগৰাকীয়ে সদৰী কৰা অনুসৰি ইউক্ৰেইন, ৰাছিয়াৰ মস্কো, ফিলিপাইনছ আৰু কোৱেইটৰ পৰা চাৰিখন বিমান অহা ২৭মে'ৰ পৰা ছয় জুনলৈ যাত্ৰীসহ গুৱাহাটীত উপস্থিত হ'ব ৷ উল্লেখ্য যে ভাৰত চৰকাৰে তলাবন্ধৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশত আবদ্ধ হৈ পৰা ভাৰতীয় লোকক দেশলৈ অনাৰ ব্যৱস্থা কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com