এয়া জনসাধাৰণ আৰু কৃষক সকলৰ বাবে অনুকূল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 এয়া জনসাধাৰণ আৰু কৃষক সকলৰ বাবে অনুকূল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এয়া জনসাধাৰণ আৰু কৃষক সকলৰ বাবে অনুকূল : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । শনিবাৰে সদনত দাখিল হয় কেন্দ্ৰীয় বিত্তীয় বাজেট ২০২০-২০২১ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০-২১ ৰ বাজেট খনক আদৰণি জনায় লগতে সমৰ্থন কৰে। তেওঁ কয় যে এই বাজেট খনে দেশৰ সমগ্ৰ অংশৰ জনসাধাৰণৰ লক্ষ্য আৰু আকাংক্ষা পূৰণ কৰিব ।

২০২০-২১ চনৰ কেন্দ্ৰীয় বাজেট কৃষক সকলৰ কল্যানৰ লগত জড়িত । ইয়াত স্পষ্ট ৰূপত ১৫ লাখ কোটি টকা কৃষকৰ ঋণৰ লক্ষৰে বাবে উল্লেখ কৰা হৈছে। তদুপৰি 'কিষান ৰেল' , 'কিষান উড়ান' , আদি আচঁনি‌ সমূহৰ বিষয়েও উল্লেখ কৰে। তদুপৰি পিএম - কুটুম আচঁনি সম্প্ৰসাৰণৰ বাবে ২০ লাখ কৃষকক সৌৰ শক্তি চালিত পাম্প যোগান ধৰা হ'ব । ইয়াৰ দ্বাৰা কৃষি আৰু ইয়াৰ লগত জড়িত কৃষক সকলো লাভাৱান্বিত হ'ব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বাজেট খনে অনিবাৰ্য ৰূপত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোত্তম বিকাশৰ বাবে কিষান ৰেল আৰু কিষান উড়ানে কৃষক সকলক সহায় কৰিব ।

উল্লেখযোগ্য যে এই বাজেটত অসমৰ কিছুমান দিশো সামৰি লয় । এইবাৰ বাজেটত বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে যে ২০২০ ৰ ভিতৰতে অসমৰ ধুবুৰী-শদিয়া জলপথ কাৰ্যকৰী হৈ উঠিব।

তদুপৰি পৰ্যটনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত শিৱসাগৰকে ধৰি দেশৰ পাঁচটা প্ৰত্নতাত্ত্বিক স্থানক বিকশাই তোলাৰ প্ৰস্তাৱ ৰখা হৈছে। উক্ত প্ৰত্নতাত্ত্বিক স্থানত মিউজিয়াম স্থাপন কৰা কৰা হ’ব। অসমৰ প্ৰায় প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব।

এইবাৰ কেন্দ্ৰীয় বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ হ'ল-

আগন্তক ২০২০-২১বিত্তীয় বৰ্ষত ২৬.৯৯লাখ কোটি টকা ব্যয়ৰ লক্ষ্য ৷

এই বৰ্ষৰ বাজেটত উচ্চাকাংক্ষী ভাৰতবৰ্ষ, সকলোৰে বাবে অৰ্থনৈতিক বিকাশ আৰু সকলোৰে বাবে এখন যত্নশীল সমাজ গঢ়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে । শিক্ষা খণ্ডৰ বাবে ধাৰ্য্য কৰা হয় ৯৯,৩০০ কোটি টকা আৰু দক্ষতা তথা কৌশল বিকাশৰ বাবে ৩,০০০ কোটি টকা।‌

স্বাস্থ্য খণ্ডৰ বাবে অতিৰিক্ত ৬৯,০০০ কোটি টকা ধাৰ্য্য কৰা হয়।‌ তদুপৰি আন বহুতো দিশ সামৰি আছে এই বাজেটত । মহিলাসকলৰ বাবে ৰূপায়িত আঁচনিসমূহৰ বাবে ২৮হেজাৰ তিনিশ কোটি টকা ধাৰ্য ।

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২ ঘন্টা ৪০ মিনিট সময় একেৰাহে বাজেটৰ ভাষন প্ৰদান কৰি ভাৰতৰ সংসদীয় ইতিহাসতে দীৰ্ঘতম বাজেট ভাষনৰ ইতিহাস ৰচে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com