বন্দীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগঃ ধেমাজিৰ কাৰাধ্যক্ষ গ্ৰেপ্তাৰ

বন্দীজনৰ মাতৃয়ে কাৰাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত অভিযোগ দিয়ে।পাছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দাসক গ্ৰেপ্তাৰ কৰে।
বন্দীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগঃ ধেমাজিৰ কাৰাধ্যক্ষ গ্ৰেপ্তাৰ
Published on: 

কয়দীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ধেমাজিৰ জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ দুলাল দাস৷ অভিযোগ অনুসৰি কাৰাধ্যক্ষ দাসে এজন পুৰুষ কাৰাবন্দীক মুক্তিৰ প্ৰলোভন দি ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলাই আছিল। কালি বন্দীজনৰ অভিযোগৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে কাৰাধ্যক্ষ দাসক গ্ৰেপ্তাৰ কৰে। পাছত সন্ধিয়া তেওঁক ধেমাজি জিলা মুখ্য ন্যায়াধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰায়। আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে ভুক্তভোগী বন্দীজনৰ মাতৃয়ে কাৰাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত অভিযোগ দিয়ে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দাসক গ্ৰেপ্তাৰ কৰে।

মাৰপিট কৰি পুৰুষ কয়দীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ তুলি চিলাপথাৰৰ কয়দীজনৰ মাতৃয়ে ধেমাজি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। দাসৰ বিৰুদ্ধে বন্দীজনক বলপূৰ্বক ড্ৰাগছ-ভাং আদি সেৱন কৰোৱাৰো অভিযোগ উত্থাপিত হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com