পল্লৱ গোপাল ঝা কামৰূপ মহানগৰৰ নতুন উপায়ুক্ত

কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক বদলি কৰা হৈছে ডিব্ৰুগড় জিলালৈ আৰু কামৰূপ(মহানগৰ)-ৰ উপায়ুক্তৰ পদত নতুনকৈ নিয়োগ কৰা হৈছে পল্লৱ গোপাল ঝাক।
পল্লৱ গোপাল ঝা কামৰূপ মহানগৰৰ নতুন উপায়ুক্ত

বুধবাৰ, ০৩ নৱেম্বৰত অসম চৰকাৰৰ কৰ্মী-প্ৰশাসন  বিভাগে ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি ঘটায়। 

শেহতীয়া অধিসূচনা অনুসৰি বহুতো গুৰুত্বপূৰ্ণ পদত বিভিন্ন ধৰণৰ সাল সলনি কৰা হৈছে। ইয়াৰ মাজতে অন্তৰ্ভুক্ত বিভিন্ন উচ্চ খাপৰ বিষয়া আৰু ২৬গৰাকী উচ্চ আমোলাৰ বদলি।

এই সালসলনিৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক বদলি কৰা হৈছে ডিব্ৰুগড় জিলালৈ আৰু কামৰূপ(মহানগৰ)-ৰ উপায়ুক্তৰ পদত নতুনকৈ নিয়োগ কৰা হৈছে পল্লৱ গোপাল ঝাক।

কোন হয় পল্লৱ গোপাল ঝা :

পল্লৱ গোপাল ঝাৰ জন্ম হয় ১৯৮৫ৰ ১৪ জুলাইত। তেওঁ ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ঝা ঝাৰখণ্ডৰ ২০১২ বেটচৰ বিষয়া। পূৰ্বে তেওঁ অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ পদত কাৰ্যনিৰ্বাহ কৰে।

ডিব্ৰুগড়ত উপাযুক্তৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ঝায়ে ভাৰতীয় তেল নিগমৰ অধীনত বিভিন্ন ধৰণৰ প্ৰকল্পত উন্নতি সাধন কৰে। "ফেম্ ইণ্ডিয়া লিষ্ট অৱ ৫০ বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অৱ ইণ্ডিয়া ২০২০" ৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা উত্তৰ-পূবৰ বিষয়াসকলৰ মাজত ঝা অন্যতম।

অন্য গুৰুত্বপূৰ্ণ সলনি :

> দেৱ কুমাৰ মিশ্ৰ, মুখ্য মন্ত্ৰী আৰু এম. ডি. লৈ নৱনিৰ্বাচিত পি.পি.এছ., অসম পৰ্যটন উন্নয়ন নিগম লৈ স্থানান্তৰণ, বিশ্বনাথৰ উপায়ুক্ত ৰূপে নিযুক্তি।

> দিবাকৰ নাথ, এ. ডি.চি. I/C বিজনী, উপায়ুক্ত, কাৰ্বি আংলং লৈ স্থানান্তৰণ।

> হিভাৰে নিচাৰ্গ গৌতম, উপায়ুক্ত, দক্ষিণ শালমাৰা, উপায়ুক্ত নগাওঁ লৈ স্থানান্তৰণ।

> মৃদুল যাদৱ, উপায়ুক্ত, কৰিমগঞ্জ।

> কৃষ্ণ বৰুৱা, উপায়ুক্ত, পশ্চিম কাৰ্বি আংলং।

> পল্লৱী সৰকাৰ, উপায়ুক্ত, দক্ষিণ শালমাৰা।

> পল বৰুৱা, উপায়ুক্ত, চৰাইদেউ।

> প্ৰণৱ কুমাৰ শৰ্মা, উপায়ুক্ত দৰং।

> নাজৰিন আহমেদ, উপায়ুক্ত ডিমা হাছাও।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com