বিয়ালৈ গৈ বন্ধুৰে ছেল্ফী তোলাৰ পাছতে ক'ৰ'নাত আক্ৰান্ত হ'ল যোৰহাটৰ যুৱক

বিয়ালৈ গৈ বন্ধুৰে ছেল্ফী তোলাৰ পাছতে ক'ৰ'নাত আক্ৰান্ত হ'ল যোৰহাটৰ যুৱক

ইয়াৰ লগে লগে জিলা প্ৰশাসন তৎপৰ হৈ উঠি যুৱকজনৰ ঘৰৰ ওচৰ-পাঁজৰৰ স্থান ছীল কৰে ৷
Published on

ক'ৰ'না ভাইৰাছ অতি সংক্ৰামক হোৱাৰ পাছতো সচেতন হোৱা নাই বহু লোক ৷ এই ক্ষেত্ৰত বিগত তিনি মাহ ধৰি ব্যাপক প্ৰচাৰলৈও একাংশ লোকে মুঠেই কৰ্ণপাত কৰা নাই ৷ ইয়াৰ উদাহৰণ শেহতীয়াভাবে যোৰহাটত পোৱা গৈছে ৷ কিছুদূন পূৰ্বে এজন যুৱকে এখন বিয়ালৈ গৈ তাত একাংশ বন্ধুৰ সৈতে ছেল্ফী তোলাৰ পাছতে যুৱকজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৰহাটৰ সোণাৰি গাঁৱৰ এক নম্বৰ ৱাৰ্ডৰ এজন যুৱক অলপতে বিয়ালৈ যায় ৷ বিয়া ঘৰত তেওঁ বন্ধুবৰ্গৰ সৈতে হাঁহি-ধেমালি কৰি ইখনৰ পাছত সিখন ছেল্ফী তোলে ৷ কিন্তু ঘৰলৈ অহাৰ পাছত তেওঁ অসুস্থ হৈ পৰে ৷ সেই সূত্ৰে তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ যায় ৷ পাছত তাত কৰা নমুনা পৰীক্ষাত যুৱকজনৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰে ৷ শনিবাৰে তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় ৷

ইয়াৰ লগে লগে জিলা প্ৰশাসন তৎপৰ হৈ উঠি যুৱকজনৰ ঘৰৰ ওচৰ-পাঁজৰৰ স্থান ছীল কৰে ৷ আনহাতে, যুৱক ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com