২৪ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি হ'ব কামাখ্যা শক্তিপীঠ !

তদুপৰি মন্দিৰৰ চৌহদত এজন ভক্তক সৰ্বাধিক ১৫মিনিট সময়হে থাকিবলৈ দিয়া হ’ব ৷
২৪ছেপ্টেম্বৰৰ পৰা পুনৰ মুকলি হ'ব কামাখ্যা শক্তিপীঠ !

ক'ৰ'না মহামাৰীৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা শক্তিপীঠ কামাখ্যা দেৱালয় পুনৰ ভক্তৰ দৰ্শনৰ বাবে মুকলি হ'ব ৷ প্ৰাপ্ত তথ্য অনুসৰি অহা ২৪ছেপ্টেম্বৰৰ পৰা এই কামাখ্যা শক্তিপীঠ পুনৰ মুকলিৰ সম্ভাৱনা আছে ৷ এই সংক্ৰান্তীয় অনুমোদন কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰদান কৰিছে ৷

উল্লেখ্য যে দেশজোৰা তলাবন্ধ ঘোষিত হোৱাৰ পাছতে কাম্যাখ্যা শক্তিপীঠ ভক্তৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হয়। ক'ৰ'না ভাইৰাছৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ বাবে এইবাৰ অম্বুবাচী মেলাও বাতিল কৰা হয় ৷ আজি কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিব বিচৰা ভক্তই পালন কৰিবলগীয়া ক'ৱিড-১৯ৰ বিধি-ব্যৱস্থা কৰা হৈছে ৷

এই বিধি-ব্যৱস্থা অনুসৰি প্ৰতিদিনে পাঁচশ ভক্তকহে মন্দিৰ দৰ্শন কৰিবলৈ দিয়া হ'ব ৷ মন্দিৰ দৰ্শনৰ বাবে আবেদন জনাব লাগিব ৷ এই আবেদনৰ ভিত্তিত মন্দিৰ পৰিচালনা সমিতিয়ে আবেদনকাৰী ভক্তক অনলাইন পাছ বা অনুমতি প্ৰদান কৰিব ৷ অৱশ্যে ৬৫বছৰৰ উৰ্ধৰ আৰু ১০বছৰৰ তলৰ ভক্তক মন্দিৰ দৰ্শনৰ অনুমতি দিয়া নহ'ব ৷ তদুপৰি মন্দিৰৰ চৌহদত এজন ভক্তক সৰ্বাধিক ১৫মিনিট সময়হে থাকিবলৈ দিয়া হ'ব ৷ ইপিনে, ভক্তসকলে মন্দিৰ দৰ্শনৰ বাবে স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণপত্ৰ কৰ্তৃপক্ষক দেখুৱাব লাগিব ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com