অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ নিয়া হ'ব কামাখ্যা ধামৰ ভূমি

কেৱল কামাখ্যা ধামেই নহয়, দেশৰ আন বহুসংখ্যক মন্দিৰৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ স্থলীলৈ ভূমি নিয়াৰ যো-জা চলিছে।
অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ নিয়া হ'ব কামাখ্যা ধামৰ ভূমি
Published on: 

বহু পৰিক্ৰমাৰ অন্তত অহা পাঁচ আগষ্টত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন অনুষ্ঠিত হ'ব। এই পূজনৰ বাবে দেশৰ অন্যতম শক্তিপীঠ গুৱাহাটীৰ কামাখ্যা ধামৰ পৰা নিয়া হ'ব। প্ৰাপ্ত তথ্য অনুসৰি কালি ২৭ জুলাইত এই উদ্দেশ্যে ভক্তবৃন্দই কামাখ্যা ধামত ভূমি সংগ্ৰহ কৰে। ধামত গাঁত খান্দি এই ভূমি সংগ্ৰহ কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে। সম্প্ৰতি সংগৃহীত এই অযোধ্যৰ মন্দিৰ নিৰ্মাণ থলীলৈ নিয়াৰ যো-জা চলিছে। কেৱল কামাখ্যা ধামেই নহয়, দেশৰ আন বহুসংখ্যক মন্দিৰৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ স্থলীলৈ ভূমি নিয়াৰ যো-জা চলিছে।

উল্লেখ্য যে ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ লোৱাৰ কথা। ইয়াকে লৈ একাংশ বিৰোধী দল সৰৱ হৈছে। বিৰোধী দলবোৰে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে এই ভূমি পূজনত অংশ ললে সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ উলংঘন হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com