অক্টোবৰৰ পহিলা সপ্তাহত ভক্তৰ বাবে কামাখ্যা মন্দিৰ মুকলিৰ সম্ভাৱনা

ভক্ত-দৰ্শনাৰ্থীয়ে ক’ৱিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ দেখুওৱাটো বাধ্যতামূলক কৰা হৈছে ৷
অক্টোবৰৰ পহিলা সপ্তাহত ভক্তৰ বাবে কামাখ্যা মন্দিৰ মুকলিৰ সম্ভাৱনা

অহা অক্টোবৰৰ পহিলা সপ্তাহৰ পৰা চৰ্তসাপেক্ষে ভক্ত-দৰ্শনাৰ্থীৰ বাবে কামাখ্যা ধামৰ দ্বাৰ পুনৰ মুকলিৰ সম্ভাৱনা আছে ৷ যদিহে এই শক্তিপীঠৰ দ্বাৰ পুনৰ মুকলি হয়, তেন্তে কেৱল ক'ৱিড-১৯নিগেটিভ প্ৰমাণপত্ৰ দিয়া ভক্তকহে মন্দিৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব বুলি মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কামাখ্যা ধামৰ দ্বাৰ পুনৰ মুকলিৰ অনুমতি প্ৰদান কৰিছে ৷

মন্দিৰৰ দ্বাৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি সম্পৰ্কত মুখ্য পূজাৰী দলৈ কবীন্দ্ৰ শৰ্মাই কয় যে প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে মন্দিৰৰ দ্বাৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলিৰ যো-জা আৰম্ভ হৈছে ৷ এই নীতি-নিয়ম অনুসৰি এবাৰত সীমিত সংখ্যক ভক্ত-দৰ্শনাৰ্থীকহে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ৷ এই হিচাপত ২৪ঘণ্টা সময়ত সৰ্বাধিক ৫০০ভক্ত-দৰ্শনাৰ্থীক মন্দিৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ৷ মন্দিৰ দৰ্শনৰ বাবে ভক্ত-দৰ্শনাৰ্থীয়ে অনলাইনত আবেদন জনাব লাগিব ৷

সেই অনুসৰি মন্দিৰ কৰ্তৃপক্ষই আবেদনকাৰীক অনলাইন অনুমতি পত্ৰ (পাছ) প্ৰদান কৰিব ৷

মুখ্য পূজাৰী শৰ্মাই লগতে কয়, " আমি ভক্ত-দৰ্শনাৰ্থীৰ বাবে সুকীয়া স্থান আৰু স্বাস্থ্যকৰ্মীৰ দলৰ ব্যৱস্থা কৰিছো ৷ ভি আই পিৰ স্থানত এটা পেণ্ডেলৰ ব্যৱস্থা কৰা হ'ব ৷ তাত ভক্ত-দৰ্শনাৰ্থী বহিব ৷ ভক্ত-দৰ্শনাৰ্থীয়ে ক'ৱিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ দেখুওৱাটো বাধ্যতামূলক কৰা হৈছে ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com