ক'ৰ'নাত মৃত ব্যক্তিঃ কেন্দ্ৰৰ তালিকাত কামৰূপ মহানগৰ

কেন্দ্ৰই শেহতীয়াভাবে এনে ৮ খন ৰাজ্যৰ ১৩ খন জিলাৰ এখন তালিকা প্ৰস্তুত কৰিছে। ইয়াত কামৰূপ মহানগৰ জিলাৰ নামো আছে।
ক'ৰ'নাত মৃত ব্যক্তিঃ কেন্দ্ৰৰ তালিকাত কামৰূপ মহানগৰ

ক'ৰ'না মহামাৰীত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ যিসমূহ জিলাত আক্ৰান্ত ব্যক্তিৰ মৃত্যু হৈছে, সেই জিলাসমূহৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই শেহতীয়াভাবে এনে ৮ খন ৰাজ্যৰ  ১৩ খন জিলাৰ এখন তালিকা প্ৰস্তুত কৰিছে। সেই জিলাসমূহৰ মাজত কামৰূপ মহানগৰ জিলাৰ নামো আছে। সেই জিলাসমূহ দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ।

আজি কেন্দ্ৰই ক'ৰ'না মহামাৰীত মৃতকৰ সংখ্যা হ্ৰাসৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে। কালিৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য সচিব ভূষণে ক'ৰ'নাত মৃত লোকৰ সংখ্যা হ্ৰাসৰ বাবে সকলো পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে । 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com