ভয়াবহ বানৰ কবলত কাজিৰঙা, ওখ স্থানলৈ ঢাপলি গঁডৰ

শনিবাৰে এটা গঁড়ক ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰা দেখা যায়।
ভয়াবহ বানৰ কবলত কাজিৰঙা, ওখ স্থানলৈ ঢাপলি গঁডৰ

ৰাজ্যৰ অধিকাংশ জিলাৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে। লুইতৰ বলিয়া বানৰ পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু অঞ্চল জলমগ্ন কৰিছে।ফলত গঁডকে ধৰি বন্যপ্ৰাণীকূলে পৰিত্ৰাণ পাবলৈ ওখ স্থানলৈ ঢাপলি মেলিছে। শনিবাৰে এটা গঁড়ক ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰা দেখা যায়। উল্লেখ্য যে যোৱা বাৰিষাৰ বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯৫ শতাংশ অঞ্চল বুৰ গৈছিল। ইপিনে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ১,২৮৯খন গাঁৱৰ ৪,৬২,৭৭৭ জন লোক এই বানৰ কবলত পৰিছে।বানাক্ৰান্ত জিলাকেইখন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ওদালগুৰি, দৰং, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। তদুপৰি এই বানত ৩৭,৩১৩ হেক্টৰ কৃষিভূমিও বুৰ গৈছে। একাধিক জিলাত বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়ে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com