ক'ৰ'না পজিটিভ হ'ল কৃষক মুক্তিৰ নেতা অখিল গগৈ

পাছত কৰা নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ক'ৰ'না পজিটিভ হ'ল কৃষক মুক্তিৰ নেতা অখিল গগৈ

ক'ৰ'নাত আক্ৰান্ত হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈ। প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তিৰ নেতাজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই সম্পৰ্কত এক সূত্ৰই দ্য ছেণ্টিনেল ডিজিটেলক কয় যে শনিবাৰে সন্ধিয়া গগৈৰ নমুনা সংগ্ৰহ কৰা হয়। পাছত কৰা নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ পূ্ৰ্বে অখিলৰ আন দুজন সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আনহাতে, আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰে। প্ৰাপ্ত তথ্য অনুসৰি আজি অখিল গগৈ পিঠিৰ গুৰুতৰ বিষতো আক্ৰান্ত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ এক ভাইৰেল জ্বৰত আক্ৰান্ত হৈছিল। তদুপৰি তেওঁ পাকস্থলীৰ আলচাৰ আৰু বৃক্কৰ পাত্থৰ ৰোগত আক্ৰান্ত আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com