কৃষক মুক্তিৰ নেতা বিতু সোণোৱালৰ জামিন মঞ্জুৰ

অখিল গগৈৰ মুক্তিৰ দাবী প্ৰবল হৈ উঠাৰ সময়তে এন আই এ-ৰ বিশেষ আদালতে বিতুৰ জামিন মঞ্জুৰ কৰে।
কৃষক মুক্তিৰ নেতা বিতু সোণোৱালৰ জামিন মঞ্জুৰ
Published on: 

অৱশেষত জামিন মঞ্জুৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতু সোণোৱালৰ। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ৰ গুৱাহাটীৰ বিশেষ আদালতে বুধবাৰে কৃষক মুক্তিৰ নেতাজনৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে সম্প্ৰতি কৃষক মুক্তিৰ নেতা সোণোৱাল ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ আছে। ৰাজ্যত নাগৰিকত্ব(সংশোধনী)আিনবিৰোধী আন্দোলনে প্ৰবল ৰূপ ধাৰণ কৰাৰ সময়তে আৰক্ষীয়ে কৃষক মুক্তিৰ আন একাংশ নেতাসহ বিতুক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁকে ধৰি আনসকলক এন আই এলৈ হস্তান্তৰ কৰে আৰক্ষীয়ে। এন আই এ-ই তেওঁ আৰু কৃষক মুক্তিৰ আন একাংশক ভাৰতীয় দণ্ড বিধিৰ উপৰি বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

আজি গুৱাহাটীৰ চান্দমাৰিস্থিত এন আই এ-ৰ বিশেষ আদালতে বিতুক জামিন প্ৰদান কৰে। উল্লেখ্য যে অখিল গগৈৰ মুক্তিৰ দাবী প্ৰবল হৈ উঠাৰ সময়তে এন আই এ-ৰ বিশেষ আদালতে বিতুৰ জামিন মঞ্জুৰ কৰে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com