কোকৰাঝাৰৰ গৌতম দেব শৰ্মাসহ উত্তৰ-পূবৰ দুজনলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা

কৃতী শিক্ষক গৌতম দেৱ শৰ্মা হৈছে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক।
কোকৰাঝাৰৰ গৌতম দেব শৰ্মাসহ উত্তৰ-পূবৰ দুজনলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা

কোকৰাঝাৰৰ গৌতম দেৱ শৰ্মাসহ উত্তৰ-পূবৰ দুগৰাকী শিক্ষকে চলিত ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিছে। আনগৰাকী শিক্ষক হৈছে শ্বিলঙৰ ৰাহুল এছ চেটাৰ্জী। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ অসমকে ধৰি এই দুগৰাকী শিক্ষকসহ দেশৰ মুঠ ৪৭ গৰাকী শিক্ষকে ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিছে।

এই বঁটা কেন্দ্ৰীয় মানব সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰদান কৰে। ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা কৃতী শিক্ষক গৌতম দেৱ শৰ্মা হৈছে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক। আনহাতে, ৰাহুল এছ চেটাৰ্জী হৈছে শ্বিলঙৰ এগৰাকী বিজ্ঞান শিক্ষক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com