অসমৰ বানাক্ৰান্তলৈ অনা সাহায্যবাহী ট্ৰাকৰ যাত্ৰা মুকলি ৰাষ্ট্ৰপতিৰ

অসমৰ বানাক্ৰান্তলৈ অনা সাহায্যবাহী ট্ৰাকৰ যাত্ৰা মুকলি ৰাষ্ট্ৰপতিৰ

ট্ৰাককেইখনৰ যাত্ৰা মুকলি অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকে।
Published on

অসমসহ তিনিখন ৰাজ্যৰ বানাক্ৰান্ত জনতালৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা ৯ খন ট্ৰাকৰ আজি যাত্ৰা মুকলি কৰে ৰাষ্ট্ৰপতি ৰামনাথ ক'ৱিন্দই। ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱন প্ৰাংগনত পতাকা জোঁকাৰি ট্ৰাককেইখনৰ যাত্ৰা মুকলি কৰে। চৰকাৰী তথ্য অনুসৰি ট্ৰাককেইখনে অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বানাক্ৰান্তলৈ সাহায্য সামগ্ৰী কঢ়িয়াই আনিছে। ট্ৰাককেইখনৰ যাত্ৰা মুকলি অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকে।

তদুপৰি ভাৰতীয় ৰেড ক্ৰছ শাখাৰ প্ৰতিনিধিবৰ্গও এই অনুষ্ঠানত উপস্থিত থাকে। সাহায্য সামগ্ৰীসমূহৰ মাজত আছে টাৰ্পুলিন, টেণ্ট, আঁঠুৱা, বিচনাৰ কাপোৰ, বাকেট, শাড়ী, ধূতি, কঁপাহৰ ব্লেংকেট, পাকঘৰৰ সঁজুলি, পানী বিশুদ্ধিকৰণ সঁজুলি আদি। সাহায্য সামগ্ৰীসমূহৰ বিতৰণৰ দায়িত্বত থাকিব ৰেড ক্ৰছৰ কৰ্মী।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com