প্ৰতিবেশী ভূটানে পানীৰ সূঁতি বন্ধ কৰা নাইঃ মুখ্য সচিব

পানীৰ সূঁতিত সৃষ্টি হোৱা বাধা আঁতৰোৱাত ভূটানে প্ৰকৃততে সহায়হে কৰিছে।
প্ৰতিবেশী ভূটানে পানীৰ সূঁতি বন্ধ কৰা নাইঃ মুখ্য সচিব

প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসম তথা পানী বৈ অহাৰ পথ ৰুদ্ধ কৰা নাই ৷ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ ভূটানে পানী বৈ অহা পথ বন্ধ কৰা বুলি চলা প্ৰচাৰৰ সত্যতা নুই কৰি মুখ্য সচিবগৰাকীয়ে কয় যে ভূটানে পানী বৈ অহাৰ পথ ৰুদ্ধ কৰা নাই। বৰঞ্চ ভূটানৰ মানুহে পানী বৈ অহাত সহায়হে কৰিছে ৷ মুখ্য সচিব সঞ্জয় কৃষ্ণই লগতে কয় যে প্ৰাকৃতিক কাৰণতহে পানী যোগান বাধাগ্ৰস্ত হৈছে ৷

"ভূটানে পানী যোগান বন্ধ কৰা বুলি অশুদ্ধভাৱে সংবাদ মাধ্যমত প্ৰচাৰ চলিছে। জলসিঞ্চন প্ৰকল্পত প্ৰাকৃতিক কাৰণতহে পানী বৈ অহাত বাধাগ্ৰস্ত হৈছে ৷ পানীৰ সূঁতিত সৃষ্টি হোৱা বাধা আঁতৰোৱাত ভূটানে প্ৰকৃততে সহায়হে কৰিছে। " -মুখ্য সচিব সঞ্জয় কৃষ্ণই এইদৰে কয় ৷ একেদৰে ভূটানেও এনে প্ৰচাৰক ভিত্তিহীন আখ্যা দিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com