দিল্লীত যমুনা নৈৰ পাৰত পঞ্চভুতত বিলীন হ'ল অসমৰ অজিত শইকীয়া

তাতে যোৱা সাত মে’ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়
দিল্লীত যমুনা নৈৰ পাৰত পঞ্চভুতত বিলীন হ'ল অসমৰ অজিত শইকীয়া
Published on

দিল্লীত যমুনা নৈৰ পাৰত পঞ্চভুতত বিলীন হ'ল অসমৰ অজিত শইকীয়া

দিল্লীতে শেষকৃত্য সম্পন্ন কৰা হ'ল দুৰ্ভগীয়া অজিত শইকীয়াৰ ৷ উল্লেখ্য যে গোলাঘাটৰ নিবাসী তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল। কৰ্কটৰ চিকিৎসা কৰাবলৈ তেওঁ দিল্লীলৈ গৈছিল । তাত চিকিৎসাধীন অৱস্থাতে তেওঁৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ তেতিয়া তেওঁক দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ন হাস্পতালত ভৰ্তি কৰা হয়৷ তাতে যোৱা সাত মে'ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।মৃত্যুৰ সময়ত শইকীয়া বয়স হৈছিল ৬৪বছৰ ৷ আশ্বৰ্যজনক যে চিকিৎসালয় কৰ্তৃপক্ষই শইকীয়াৰ মৃত্যুৰ খবৰ যোৱা ১৭মে'তহে পৰিয়ালৰ লোকক দিয়ে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি দিনৰ ১১বজাত দিল্লীৰ যমুনা নৈৰ পাৰৰ নিগামবুধ ঘাটত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ চাপকৃত প্ৰাকৃতিক গেছ বা CNGৰে তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ ক'ৱিড-১৯ত মৃতৰ শেষকৃত্য সম্পন্ন কৰোতে পালন কৰা সকলো বিধি শইকীয়াৰ ক্ষেত্ৰটো মানি চলা হয় ৷ ইয়াৰ পূৰ্বে আজি পুৱা তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ পৰিয়ালৰ লোকে সংগ্ৰহ কৰে ৷ চিকিৎসালয়ৰ সমগ্ৰ আনুষ্ঠানিকতা পুৱা ৯-৩০বজাৰ ভিতৰত সম্পন্ন কৰা হয় ৷ পাছত নশ্বৰ দেহ নীতি-নিয়মৰ মাজেৰে নিগামবুধ ঘাটলৈ নিয়া হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com